পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ক‌ৰ্মবীৰ চন্দ্ৰনাথ

কটন কলেজৰ অসমীয়া সাহিত্যৰ অধ্যাপক শ্ৰীযুক্ত সত্যনাথ বৰা আৰু সহকাৰী হ’ব চন্দ্ৰনাথ। তেওঁলোকৰ বাহিৰেও উজনি-নামনিৰ উপযুক্ত ছাত্ৰ বাছি লৈ এটা সমিতি গঠন কৰিব লাগিব। সম্পাদকে সদায় তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব। সেয়ে হলেই ভাষাৰ বেমেজালিও গুচিব আৰু কাকতখনো স্থায়ী হ’ব বুলি তেওঁলোকে বিশ্বাস কৰিছিল। ১৯১৭ চনৰ প্ৰাৰম্ভতে দণ্ডিনাথে এই প্ৰস্তাবটো মাঘৰ বিহুৰ উপহাৰ স্বৰূপে চন্দ্ৰনাথলৈ পঠিয়াইছিল। চন্দ্ৰনাথে তাৰ উত্তৰত যি লিখিছিল সি এই :-

 তোমাৰ চিঠি কালি পালোঁ। তোমাৰ সম্ভাষণ গ্ৰহণ কৰিছোঁ, কিন্তু উপহাৰ গ্ৰহণ কৰিব নোৱাৰি দুখিত হলোঁ। লিখিবলৈ গ'লে বহুতো কথা। শ্ৰীযুক্ত দুৰ্গেশ্বৰ শৰ্মা আগৰ বাৰ ইয়াত থাকোঁতেই আমি এই বিষয়ে বহুত আলোচনা কৰি বৰাৰ ওচৰ চাপিছিলোঁ, কিন্তু তেওঁ তাৰ ওচৰলৈকে নাযায়। তাৰ পিছত মই আৰু ৰঘুনাথ চৌধাৰীয়ে ধৰি চালোঁ, তেওঁ নামকে নুশুনে। বিশেষ এতিয়া তেওঁ over worked আৰু কামৰূপীয়া আৰু উজনীয়াৰ মিলনৰ কাৰণে যে সেই প্ৰস্তাবকে তুমি সাৰুৱা বুলি ধৰিছা, সি তোমাৰ ভুল। এই বিষয়ে মোৰ বেছ গম আছে। বৰা ডাঙৰীয়াৰ নাম সাহিত্য সম্পৰ্কত কোনো কামৰূপীয়াই শুনিব নোৱাৰে।

 গতিকে সম্প্ৰতি তোমাৰ উপহাৰ গ্ৰহণ কৰিব নোৱাৰি দুখিত হৈছোঁ। আৰু ময়ো একপ্ৰকাৰ overworked, ক্ষুদ্ৰ শক্তিৰ মানুহ জানাইতো। থিয়েটৰ, সৰস্বতী পূজা, Flood relief, এম. চি. বৰুৱা ফণ্ড, কনফাৰেন্স ইত্যাদি সকলোৱে মোক আজুৰি লাঙলোৱা কৰিছে। যাহক, মোৰ যদি ধাৰসোপা মৰে (আশা কম) আৰু গুৱাহাটীতে ওকালতি কৰোঁ, তেন্তে ১৯১৮ চনৰ পৰা ‘সেউতী’ নিশ্চয় ছপাই উলিয়াম। এইষাৰ কথা গাৰ বলেৰে তোমাক ক'লোঁ। সম্পাদকৰ বাছনি পিছত হ’ব। x  x x,

২০/১/১৭
তোমাৰ—
শ‌্ৰীচন্দ্ৰনাথ।