পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
কৰ্মবীৰ চন্দ্ৰনাথ

 সেইবাৰ ছেপ্টেম্বৰ মাহত (৪ ছেপ্টেম্বৰ ১৯২০ চন) কলিকতাত কংগ্ৰেছৰ বিশেষ অধিৱেশন বহে। এই কংগ্ৰেছত দেশৰ সেই সময়ৰ অৱস্থা আৰু গবৰ্ণমেণ্টৰ কাৰ্যপ্ৰণালীৰ আলোচনা হয়। পঞ্জাবৰ হত্যাকাণ্ড, ৰাওলাট বিল আৰু খিলাফৎ আদিৰ যেনে বিধৰ প্ৰতিকাৰ দেশবাসীয়ে বিচাৰিছিল, গবৰ্ণমেন্টে তেনে একো নকৰিলে। আনকি, যুদ্ধৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতে স্বায়ত্ত্ব শাসনো নাপালে। স্বৰাজৰ নামত যি ব্যয়-বহুল শাসন-সংস্কাৰ পোৱা গ'ল, তাত দেশৰ নেতাসকল সন্তুষ্ট হ’ব নোৱাৰিলে। সেই কাৰণেই মহাত্মা গান্ধীয়ে এই কংগ্ৰেছত গবৰ্ণমেণ্টৰ লগত সহযোগ বৰ্জনৰ প্ৰস্তাব দাঙি ধৰিলে; প্ৰস্তাব গৃহীত হ’ল। এই কংগ্ৰেছৰ সিদ্ধান্ত মতে সকলো ঠাইতে কংগ্ৰেছ কমিটি স্থাপন আৰু তিলক স্বৰাজ ভঁৰাললৈ অৰ্থ-সংগ্ৰহ কৰা কংগ্ৰেছৰ সভ্যসকলৰ প্ৰধান কৰ্তব্য হৈ পৰিল। বৰদলৈ, চন্দ্ৰনাথ প্ৰমুখ্যে কেইবাজনো আসামৰ প্ৰতিনিধি এই কংগ্ৰেছত উপস্থিত আছিল। বৰদলৈ ডাঙৰীয়া অসহযোগৰ ঘাইকৈ কাউন্সিল বৰ্জনৰ বিৰুদ্ধে আছিল, আসামত অসহযোগ হ’ব নোৱাৰে বুলি তেওঁ অমৃত বাজাৰ পত্ৰিকালৈ প্ৰবন্ধও লিখিছিল। কিন্তু চন্দ্ৰনাথে তেওঁক সমৰ্থন নকৰি ডেকা প্ৰতিনিধিসকলক লগত লৈ কংগ্ৰেছৰ সিদ্ধান্ত গ্ৰহণ কৰিলে; সেইকাৰণে আসামত অসহযোগ অনুষ্ঠানৰ তেওঁকেই পুৰোহিত বুলিব লাগিব। কংগ্ৰেছৰ অন্তত তেওঁ কলিকতাৰ পৰা আহি প্ৰথমেই গুৱাহাটীত কংগ্ৰেছ কমিটি স্থাপনৰ নিমিত্তে যত্ন কৰে। ইয়াৰ ভিতৰতে বৰদলৈ ডাঙৰীয়াৰো মতৰ পৰিবৰ্তন হয় আৰু চন্দ্ৰনাথৰ লগত যোগ দিয়ে। গুৱাহাটীত কংগ্ৰেছ কমিটি আৰম্ভ কৰি দি তেওঁ তেজপুৰলৈ আহে আৰু তাতো উক্ত কমিটি স্থাপন কৰি আশাশূধীয়াভাৱে তিলক স্বৰাজ ভঁৰাললৈ ধন তোলাত লাগি যায়।

 ইয়াৰ পিছতে বৰদিনৰ বন্ধত তেজপুৰত আসাম এচোচিয়েশ্যন, সাহিত্য সম্মিলন, শিক্ষক-সম্মিলন আৰু সূত-সম্মিলন বহিছিল। এই বোৰৰ আয়োজনত চন্দ্ৰনাথে নথৈ যত্ন কৰিছিল। তেওঁৰ স্বাস্থ্য আগৰে পৰা দুৰ্বল আছিল, এতিয়া এই অতিপাত পৰিশ্ৰমত তেওঁ