পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
কৰ্মবীৰ চন্দ্ৰনাথ।

পৰাহে তেওঁ জানিব। বিদেশী সাহিত্য ফুলনিত পোৱা এই ফুলবোৰৰ কিছুমান প্ৰথমতে কটন কলেজৰ হাতেলিখা মাহিলী কাকত ‘সেউতী’ৰ সম্পাদকৰ শৰাইত আৰু তাৰ পিছত আলোচনীত পাঠকে দেখা পাইছে। ‘বছা-ফুল’ ঘাইকৈ ছাতৰৰ অৰ্থেহে, গতিকে ই যদি সিবিলাকৰ আদৰ পায় আৰু উপকাৰত আহে (?) তেন্তে লেখক কৃতাৰ্থ হ’ব, আৰু একৰণি বছা ফুল গোটাবলৈ উৎসাহ পাব।

 মুঠতে এই পুথি লিখাত লিখকৰ উদ্দেশ্য সফল হৈছে, ছাত্ৰসকলে একে ঠাইতে ইমানবোৰ বহুমূলীয়া উপদেশ আৰু মহৎ-লোকৰ চমু জীৱনীৰ আভাস পাই নিশ্চয় উপকৃত হ’ব। এই পুথিখনি তেওঁ অসমীয়া ভাষাৰ ওজা প্ৰাতঃস্মৰণীয় হেমচন্দ্ৰ বৰুৱাৰ নামত উছৰ্গা কৰিছিল।

 চন্দ্ৰনাথৰ আটাইকেইখন কিতাপেই গঠনমূলক। প্ৰবন্ধবিলাকৰ ভিতৰত প্ৰথম ছাত্ৰ-সম্মিলনৰ অভ্যৰ্থনা সমিতিৰ অভিভাষণখনিয়েই অতি সুন্দৰ আৰু মৌলিকতাপূৰ্ণ। আন প্ৰবন্ধ মাজে-সময়ে দুই- এটা ওলালেও চন্দ্ৰনাথৰ সৰহভাগ প্ৰবন্ধয়েই সমালোচনামূলক।

 চন্দ্ৰনাথৰ সমালোচনাৰ প্ৰবৃত্তি সৰু কালৰে পৰা আছিল আৰু ৺চন্দ্ৰনাথ বসুৰ দৰে নামজ্বলা সমালোচক হ’বলৈকো আশা ৰাখিছিল। স্কুলৰ ছাত্ৰ অৱস্থাতে শ্ৰীযুক্ত ৰঘুনাথ চৌধাৰীৰ সাদৰীৰ সমালোচনা লিখাৰ কথা ওপৰত কৈ অহা হৈছে। কলেজলৈ গৈয়েই ৰায়চাহেব দীনেশচন্দ্ৰ সেনৰ ‘বঙ্গভাষা আৰু সাহিত্য’ৰ যি সমালোচনা ‘উষা’ত উলিয়াইছিল, সি সঁচাকৈয়ে উটনুৱা বঙালী পণ্ডিতৰ মহাভুলৰ যোগ্য সমালোচনা হৈছিল। যদিও সংস্কৃত, প্ৰাকৃত বা বঙলা ভাষাত ভাল ব্যুৎপত্তি নথকাৰ বাবে, তেওঁ কেইটামান আভিধানিক ভুল কৰিছিল, তথাপি তাৰ পৰা মূল প্ৰবন্ধৰ কোনো ক্ষতি হোৱা নাছিল। সমালোচনা হিছাপে ইয়াৰ যথেষ্ট মূল্য আছে।

 ‘বাঁহী’ৰ সম্পাদকৰ লগত কৰা বাদ-প্ৰতিবাদত সমালোচনা স্বৰূপে যদিও বিশেষত্ব একো নাই, তথাপি তাত তেওঁৰ ‘হেমকোষ’ৰ লগত কেনে পৰিচয় আছিল তাৰ আভাস আছে। ‘বাঁহী’-সম্পাদকে এবাৰ