পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
কৰ্মবীৰ চন্দ্ৰনাথ

 ইয়াৰ পাঁচ বছৰমান আগৰে পৰা শ্ৰীযুক্ত ৰামেশ্বৰ বৰুৱা আদি ডাঙৰীয়াসকলৰ চেষ্টাত আৰু শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী, শ্ৰীযুক্ত পদ্মনাথ বৰুৱা, শ্ৰীযুক্ত ৰাধানাথ ফুকন আদি সাহিত্যিকসকলৰ উৎসাহত, তেজপুৰত শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ তিথি উপলক্ষে স্মৃতি-সভা পতাৰ নিয়ম চলি আহিছিল। পিছত আনন্দৰাম বৰুৱাৰ স্মৃতি-সভাও পতা হৈছিল। কিন্তু স্বদেশী আন্দোলনৰ সময়ৰ পৰা হেড্‌ মাষ্টৰ ডাঙৰীয়াই তেনে সভা পতাতো বাধা জন্মাবলৈ ধৰিলে। চন্দ্ৰনাথ আৰু দণ্ডিনাথে আন উপায় নাপাই শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ ওচৰ চাপিল। বৰুৱা ডাঙৰীয়াই তেওঁলোকক সৰুৰে পৰা চেনেহৰ চকুৰে চাইছিল আৰু ইংৰাজী স্কুলত ছাত্ৰ-স্বৰূপেও পাইছিল। তাৰ বাহিৰেও সভা-সমিতি পাতিব লগা হ'লেই দুয়ো তেখেতৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। এতিয়া কাৰ্যৰ গঢ় দেখি তেখেতে সকলো দায়িত্ব লৈ তেওঁলোকক বুদ্ধি পৰামৰ্শ দি চলাবলৈ ধৰিলে। এনেকৈয়ে বৰুৱা ডাঙৰীয়াৰ অনুগ্ৰহত চন্দ্ৰনাথ আৰু দণ্ডিনাথে ৰাজনৈতিক সভাৰ বাহিৰে আন সকলো সভা-সমিতিত যোগ দিবলৈ আৰু তেনে অনুষ্ঠানৰ আয়োজন কৰিবলৈ সুযোগ পাইছিল। মুঠতে ৰাজহুৱা কাৰ্যৰ যি বীজ তেতিয়া তেওঁলোকৰ অন্তৰত অঙ্কুৰিত হৈছিল, বৰুৱা ডাঙৰীয়াৰ সাহায্যৰ সাৰ-পানী নোপোৱা হ'লে সি কিজানি তেতিয়াই শুকাই গ’লহেঁতেন।

 সাহিত্য-চৰ্চাতো তেওঁলোকে বৰুৱা ডাঙৰীয়াৰ পৰা বিশেষ উৎসাহ পাইছিল। ওপৰত কোৱা সভা-সমিতিত তেওঁলোকে প্ৰায়েই কবিতা নাইবা প্ৰবন্ধ পাঠ কৰিছিল, তাকে দেখি এদিন বৰুৱা ডাঙৰীয়াই কথা প্ৰসঙ্গত ক’লে “তোমালোকৰ সভা-সমিতিত পঢ়া কবিতা আৰু ৰচনা দেখি বুজিছোঁ তোমালোকৰ প্ৰবন্ধ ৰচনাত বেছ হাত আছে। তোমালোকে ‘উষা’লৈ প্ৰবন্ধ নিলিখা কিয়? ভয় বা লাজ কৰিবৰ কোনো কাৰণ নাই; যদি প্ৰবন্ধ উপযুক্ত হয়, ছপা হ’ব, যদি নহয়, তেন্তে কত কি খুঁত আছে দেখুৱাই দিম। মুঠতে তোমালোকে প্ৰবন্ধ পঠিয়ালে বিনা দৰমহাতে মোক