পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
কৰ্মবীৰ চন্দ্ৰনাথ


 চন্দ্ৰনাথৰ বিবাহ-উপলক্ষে যিবোৰ উপহাৰ আহিছিল, তাৰ ভিতৰত দুজন সাহিত্যিক বন্ধুৰ পৰা অহা দুটি কবিতা উল্লেখযোগ্য। কবিতা দুটা কটন কলেজৰ ‘সেউতী’ত প্ৰকাশ কৰা হৈছিল।

 বিবাহৰ কিছুদিনৰ পিছৰ পৰা চন্দ্ৰনাথে শহুৰেকৰ ঘৰত থাকি পঢ়িবলৈ ধৰিলে। প্ৰথমতে তেওঁৰ কোনো সুবিধাৰ অভাব হোৱা নাছিল, কিন্তু পিছলৈ নানা বিষয়ত আমনি পাবলৈ ধৰিলে। ঘাইকৈ তেওঁৰ জীৱনৰ আদৰ্শ শহুৰেকহঁতৰ আদৰ্শৰ লগত কোনোমতেই খাপ নাখাইছিল। কিন্তু কোনো অসুবিধাই, কোনো আহুকালে তেওঁৰ ধৈৰ্য আতঁৰাব পৰা নাছিল।

 প্ৰথম বাৰ্ষিকত পঢ়োঁতে চন্দ্ৰনাথ আন দুজন সহধ্যায়ীৰে সৈতে কটন কলেজৰ পৰা ওলোৱা হাতে লিখা কাকত ‘সেউতী’ৰ যুটীয়া সম্পাদক হৈছিল। ‘সেউতী’ত তেওঁৰ বহুতো প্ৰবন্ধ ওলাইছিল, তাৰ ভিতৰত দুটা বিশেষ কাৰণত উল্লেখযোগ্য। এটা হৈছে ‘স’ আৰু ‘চ’ৰ ব্যৱহাৰ সম্পৰ্কে। তেওঁৰ মতে বঙালী ‘সুৰেন্দ্ৰনাথ অসমীয়াত ‘চুৰেন্দ্ৰনাথ’ হ’ব লাগে, তেহে বঙলা আৰু ইংৰাজী উচ্চাৰণৰ লগত তাৰ মিল থাকিব। এই বিষয়ে বহুতো বাদানুবাদ হৈছিল, কিন্তু কোনোমতেই তেওঁ মত সলাবলৈ মান্তি নহ'ল। দ্বিতীয়টো হৈছে এখন ব্যঙ্গ চিত্ৰ লৈ। ‘সেউতী’ নিৰ্দিষ্ট সময়তকৈও আগবাঢ়ি ওলোৱা দেখি শ্ৰীযুক্ত ইন্দ্ৰেশ্বৰ বৰঠাকুৰে এটা ৰেলৰ ইঞ্জিন আঁকি তিনিওজন সম্পাদকক চালকৰূপে তাত তুলি দিছিল। যদিও চন্দ্ৰনাথৰ মূৰত টিকনি নাছিল, তথাপি এই চিত্ৰত এডাল লগাই দিয়া হৈছিল। চিত্ৰ দেখি চন্দ্ৰনাথৰ বৰ খং উঠিল, আৰু ‘সেউতী’ৰ সম্পাদক বৰ মানুহ নহয় বুলি এটা তীব্ৰ প্ৰবন্ধ লিখিলে।

 কলেজলৈ যোৱাৰ পৰা চন্দ্ৰনাথে প্ৰায়ে ‘উষা’ত প্ৰবন্ধ লিখিছিল। সেই কালত লিখা তেওঁৰ প্ৰবন্ধ আছিল— ‘অসমীয়া সাহিত্য আৰু দীনেশচন্দ্ৰ সেন’। বাবু দীনেশ্চন্দ্ৰ সেনে তেওঁৰ ‘বঙ্গভাষা ও সাহিত্য’ কিতাপত অসমীয়া পুথি আৰু গ্ৰন্থকাৰৰ সম্পৰ্কে যিবোৰ মাৰাত্মক ভুল কৰিছিল, এই প্ৰৱন্ধত তাৰেই তীব্ৰ অথচ যুক্তিযুক্ত