মহাসভাই হঠাৎ ‘ৰাজনীতি মতে অযুক্তিকৰ (politically unsound and unwise) কাম এটা কৰি সভ্য জগতত আজি ভাৰতক কি ৰূপে পৰিচিত কৰিব তাক ভাবি চাবলগীয়া।
কংগ্ৰেছ ধৰ্মসম্বন্ধীয় সভা নহয়, সেই কথা মহাত্মা গান্ধীয়ে ভালকৈ জানে। অথচ ই আজি প্ৰায় দুকুৰি বছৰ ইংৰাজ কৰ্মচাৰীসকলৰ ওচৰত আমাক ডাঙৰ কৰা, আমাক শিক্ষা দিয়া, আমাক সৰহীয়া বেতনৰ চাকৰি দিয়া ইত্যাদি নীচ স্বাৰ্থপৰতাৰ সুৰেৰে কান্দি ইয়াৰ প্ৰকৃত স্বভাৱৰ পৰিচয় দি আহিছে। গতিকে এই কংগ্ৰেছৰ 'আসন খন' মহাত্মা গান্ধীয়ে কেনেকৈ আৰু কি মন্ত্ৰেৰে নিচেই অলপ সময়ৰ ভিতৰতে ধৰ্মৰ বেদী কৰি তুলিব খুজিছে, কব নোৱাৰোঁ। যদি এই অসহযোগ আন্দোলন সম্পূৰ্ণ আধ্যাত্মিক আৰু ধৰ্মবিহিত আন্দোলনেই হয় তেনেহ'লে তেওঁ সেই কথা গুৰিতে প্ৰকাশ কৰা নাছিল কিয়? কলিকতা কংগ্ৰেছত তেওঁ নিজে দাঙি ধৰা অসহযোগ প্ৰস্তাৱ আৰু নাগপুৰ কংগ্ৰেছত শ্ৰীযুত চিত্তৰঞ্জন দাসে কৰা অসহযোগ প্ৰস্তাৱ এহালিচা ঠাই জোৰা হ'লেও তাত ‘ধৰ্মবিহিত' (religious) শব্দটোৰ প্ৰয়োগ হোৱা নাই। নাগপুৰ কংগ্ৰেছত যেতিয়া বহুত বাক্য-যুদ্ধৰ পিছত কংগ্ৰেছত উদ্দেশ্যৰে সংশোধন প্ৰস্তাৱ মহাত্মা গান্ধীয়ে তোলে তাত তেওঁ সকলো বৈধ আৰু শান্তিময় উপায়েৰে ভাৰতবাসীৰ দ্বাৰা স্বৰাজ লাভ’ (attainment of swaraj by the people of India by all legitimate and peaceful means) নুবুলি ‘সকলো ধৰ্মবিহিত আৰু আধ্যাত্মিক উপায়েৰে’ (by all religious and spiritual ways) বোলা নিতান্ত উচিত আছিল, তেতিয়া- হলে কি জানি জাতীয় মহাসভা এই দৰে পথভ্ৰষ্ট আৰু লক্ষ্যভ্ৰষ্ট হ'বলগা নহ'লহেঁতেন। তেওঁৰ বক্তৃতাবোৰৰ কিছুমান কথা বৰ পৰিষ্কাৰ। যেনে— ‘অসহযোগ শুদ্ধিকাৰ্য’, ‘অহিংসাই অসহযোগ’ (Non-cooperation is a process of purification- Non- violence is non-cooperation.)। ভাৰতবাসীক পবিত্ৰ কৰিবলৈ আৰু অহিংসা ধৰ্ম দীক্ষিত কৰিবলৈ ইংৰাজ গবৰ্ণমেণ্টৰ