পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
কৰ্মবীৰ চন্দ্ৰনাথ

একেবাৰেই শয্যাগত হৈ পৰিল। কিন্তু ইমানতো চন্দ্ৰনাথে তেওঁৰ কৰ্তব্য অৱহেলা কৰিব নোৱাৰিলে, তেনে অৱস্থাৰেই ঘোঁৰাৰ গাড়ীৰে আহি, এচোচিয়েশ্যনৰ সম্পাদক, সাহিত্য-সন্মিলনৰ অভ্যৰ্থনা সমিতি সভাপতি আৰু সূত-সম্মিলনৰ সভাপতিৰ কাৰ্য পৰিপাটীকৈ সমাধা কৰিছিল। এচোচিয়েশ্যনৰ ৰিপোৰ্ট বৰ তেজী আৰু উত্তেজনাপূৰ্ণ হৈছিল, সাহিত্যৰ বৰ্তমান গতি আৰু সমাজ সম্পৰ্কে তেওঁৰ উক্তি অতি সাৰুৱা হৈছিল। প্ৰত্যেকটো বক্তৃতাতে তেওঁৰ নিৰ্ভীকতা আৰু নিৰপেক্ষতা ফুটি ওলাইছিল।

 এই সম্মিলনতে আসাম এচোচিয়েশ্যন প্ৰাদেশিক কংগ্ৰেছ কমিটিত পৰিণত হয় আৰু কলিকতা কংগ্ৰেছৰ অসহযোগ নীতি গ্ৰহণ কৰে। এই নীতিৰ মূলত গবৰ্ণমেণ্টৰ স্কুল, কলেজ, আদালত আৰু কাউন্সিল বৰ্জন, খাদীৰ প্ৰচলন আৰু অস্পৃশ্যতা নিবাৰণ আছিল। অসহযোগী হৈ চন্দ্ৰনাথে আটাইতকৈ আগেয়ে আদালত বৰ্জন কৰে। যদিও বহুত উকীল ব্যাৰিষ্টাৰে চন্দ্ৰনাথতকৈ এশ গুণ বেছি উপাৰ্জন কৰা ব্যৱসায় এৰি দিছে, তথাপি চন্দ্ৰনাথৰ স্বাৰ্থত্যাগ অতুলনীয় বুলিব লাগিব। কাৰণ সেইসকলৰ ঘৰ-দুৱাৰ, ধন-সম্পত্তিৰ অভাৱ নাই, আগৰ যি পুজি আছিল তাৰ ওপৰতে নিৰ্ভৰ কৰিও স্বচ্ছন্দতাৰে চলিব পাৰে; আনপক্ষে চন্দ্ৰনাথৰ ধন-সম্পত্তি দূৰৰ কথা, থাকিব- লৈকো নিজৰ বহা এটা নাছিল। তেনেস্থলত যে দেশৰ আহ্বানত তেওঁ একমাত্ৰ জীৱিকাৰ উপায় ওকালতি ব্যৱসায়টোও পৰিত্যাগ কৰি নিজক বাটব মগনীয়া কৰিবলৈ আগ বাঢ়িল, ইয়াতকৈ আৰু কি বেছি স্বাৰ্থত্যাগ হ'ব পাৰে। তেওঁ ইমান বেগাই আদালত বৰ্জন কৰিলে যে তেওঁৰ হাতত বহুতো গোচৰ থাকি গ'ল। তেওঁ সেই সকলো গোচৰৰ বাবে লোৱা ধন মোক্কেলসকলক ওলোটাই দিলে। ওকালতি এৰাৰ লগে লগে তেওঁ কাউন্সিললৈ যোৱাৰ ইচ্ছাও পৰিহাৰ কৰিলে।

 চন্দ্ৰনাথ অসহযোগী হোৱাৰ পাছত গুৱাহাটীৰ বৰ চাহাবে জামিন নিদিলে ‘চেতনা’ বন্ধ কৰিব লাগিব বুলি আদেশ কৰিলে। চন্দ্ৰনাথে