পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
কৰ্মবীৰ চন্দ্ৰনাথ

স্কুলতে দণ্ডিনাথৰ পৰা বাতৰি পাই পূজাৰ টকা-কড়ি বুজি লৈ চন্দ্ৰনাথক ঘৰলৈ পঠিয়াই দিবৰ নিমিত্তে তেওঁক বোৰ্ডিঙলৈ পঠিয়ায়। তেওঁ আন দুজন সহধ্যায়ীক লগত লৈ আহি দেখিলে চন্দ্ৰনাথ পিতাকৰ ভু লবলৈ ঘৰলৈ যাবলৈ ওলাইছে। টকা-কড়ি ইয়াৰ আগতে দুজন ছাত্ৰক গতাই থৈছে। অকল সেয়ে নহয়, তেওঁ অহাত দুই- এদিন পলম হ'লেও যাতে পূজাৰ আয়োজনত ত্ৰুটি নঘটে, এনে ভাৱে সকলো দিহা-পোহা দি যাবলৈকো বাকী ৰখা নাই। ছাত্ৰ অৱস্থাতো চন্দ্ৰনাথ কেনে কাৰ্যকুশল আছিল, ইয়াতেই তাৰ প্ৰমাণ পোৱা যায়।

 চন্দ্ৰনাথ তেতিয়া ঘৰলৈ গ'ল। ঘৰ পালেই সকলো কথা জানিব বুলি তেওঁক সেই ভীষণ অপ্ৰিয় সত্য জনাবলৈ কোনো আগ নাবাঢ়িল।

 প্ৰায় আধা ঘণ্টামান সময়ৰ মূৰত চন্দ্ৰনাথ বোৰ্ডিঙলৈ উলটি আহিল। বাটতে তেওঁ পিতাকৰ মৃত্যু সংবাদ শুনিলে আৰু সেই কাৰণেই পিন্ধি যোৱা সাজপাৰ আৰু জোতা থৈ যাবৰ নিমিত্তে ঘূৰি আহিব লগাত পৰিল।

 সাজ-পাৰ সলোৱাৰ পিছত তেওঁক গা ধুবলৈ দিয়া হ'ল। ইমান বেলিলৈকে চন্দ্ৰনাথে আচৰিতৰূপে ধৈৰ্য অৱলম্বন কৰিছিল, কিন্তু আৰু নোৱাৰিলে, পানীৰ ঘটি মূৰৰ ওপৰলৈ তুলি ঢলাৰ লগে লগে ‘পিতাদেউ' বুলি চিঞৰ মাৰি ধাচ কৰে মাটিত বাগৰি পৰিল, হাতৰ ঘটি উফৰি গল। ইমান বেলি চেঁপা দি ৰখা শোকৰ বেগ যেন সেই এটা চিঞৰৰ লগতে ওলাই আহিল, তেওঁ প্ৰায় সংজ্ঞাশূন্য হৈ পৰিল। তেতিয়া তেওঁক কেইবাজনেও ধৰি-মেলি গা-পা ধুৱাই সান্ত্বনা দিলে। অলপ বিশ্ৰামৰ পিছত তেওঁ অলপ সুস্থিৰ হৈ আকৌ ঘৰলৈ যাত্ৰা কৰিলে।

 পিতৃশ্ৰাদ্ধ শেষ কৰি মেট্ৰিকুলেশ্যন পৰীক্ষালৈ চন্দ্ৰনাথে মুঠেই তিনি সপ্তাহ সময় পাইছিল। পিতাকৰ শ্ৰাদ্ধলৈ সংগ্ৰহ কৰা টকাৰ