সমললৈ যাওক

পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
কর্মবীৰ চন্দ্রনাথ


সমালোচনা কৰা হৈছিল। মুঠতে, দুই-এটা সাধাৰণ খুঁত থাকিলেও প্ৰবন্ধটো মনোৰম হৈছিল। ইয়াৰ পিছত তেওঁ বিদ্যাসাগৰ চৰিত্ৰত মাতৃশিক্ষা নামে এটি বিতোপন প্ৰবন্ধ লিখে।

 সেই সময়ত এফালে ‘উষা’, ‘বন্তি’ আৰু আন ফালে ‘বাঁহী’ৰ বিবাদ হয়। তাতে আকৌ বেজবৰুৱা ডাঙৰীয়াই ছাত্ৰলিখকৰ কবিতাৰ উদ্ভণ্ডালি সহিব নোৱাৰি কবি-পোৱালিবিলাকক বিদ্ৰূপ কৰি কবিতা লিখি বাঁহীত ছপাইছিল আৰু কবিতাৰ কাঠ-সংস্কাৰ কৰি এদল ছাত্ৰ-লিখকৰ তপত তেজ উতলাই দিছিল। ‘উষা’ সম্পাদকে কিন্তু তাৰ বিপৰীতে বাট ধৰিছিল, তেওঁ নিজে ছাত্ৰ- লিখকক সাহিত্য-ক্ষেত্ৰলৈ আহ্বান কৰি, উৎসাহ দিবলৈকো এৰা নাছিল। এই বিবাদৰ ফলত লিখকসকল দুটা দলত বিভক্ত হ’ল। চন্দ্ৰনাথ ‘উষা’ৰ ফলীয়া আছিল, সেই কাৰণে তেওঁ বেজবৰুৱা ডাঙৰীয়াৰ লিখাত ‘হেমকোষ’ৰ লগত নিমিলা বৰ্ণ-বিন্যাস ধৰি দি ‘হেমকোষ আৰু শ্ৰীযুক্ত লক্ষ্মীনাথ বেজবৰুৱা’ নামেৰে এটা প্ৰবন্ধ লিখি ‘বাঁহী’ৰ সম্পাদকলৈ পঠিয়াই দিলে। ‘বাঁহী’ৰ সম্পাদকৰ কথামতে জনা যায়— তেখেতে সেই প্ৰবন্ধ পোৱা নাছিল। চন্দ্ৰনাথে সেই কথা নাজানিছিল আৰু সেই কাৰণেই ‘বাঁহী’ত তেওঁৰ প্ৰবন্ধ নেদেখি, গোটাচেৰেক তীব্ৰ মন্তব্যৰে সৈতে তাক ‘উষা’লৈ পঠিয়াই দিছিল৷ ‘উষা’-সম্পাদকে প্ৰবন্ধটো অলপ সাল-সলনি কৰি তাক ‘হেমকোষ আৰু বাঁহী’ নামেৰে উষাত ঠাই দিছিল। ‘উষা’ ওলোৱাৰ আগতে চন্দ্ৰনাথে এই সাল-সলনিৰ গম পাই এনেকৈ তেওঁৰ মতামত প্ৰকাশ কৰিছিল, প্ৰবন্ধটোৰ নাম সলোৱা নিতান্ত অন্যায় হৈছে। ‘বাঁহী’ৰ সকলো লিখক নিৰ্ভুল হ’বই নোৱাৰে; ‘উষা’, ‘বন্তি’ৰো নহয়। আখৰৰ অভাবত হলেও, ‘উষা-বন্তি’ৰ হ্ৰস উকাৰৰ ঠাইত বহুৱা দীৰ্ঘ উকাৰ শুদ্ধ হ’ব নোৱাৰে; তাৰ বাহিৰেও আন অলেখ ভুল পাঠকসকলৰ চকুত নপৰাকৈ থকা নাই। তেনে স্থলত সাধাৰণভাৱে ‘বাঁহী’ৰ ভুল বিচৰাৰ পৰা লাভ কি? মোৰ উদ্দেশ্য আছিল, স্বয়ং বেজবৰুৱা ডাঙৰীয়া ক’ত ‘হেমকোষ’ৰ