পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
কৰ্মবীৰ চন্দ্ৰনাথ।

 চন্দ্ৰনাথৰ দৰে অক্লান্ত কৰ্মী আসামত নাছিল, নাই আৰু নহব। মুঠেই চাৰে বত্ৰিশ বছৰ জীৱিত থাকি চন্দ্ৰনাথে যিমানখিনি কাম কৰি গ'ল, দীৰ্ঘজীৱন লাভ কৰিও সিমান কাম কৰা বহুতৰ পক্ষে অসম্ভৱ হ’লহেঁতেন। এই বিষয়ত উনত্ৰিশ বছৰীয়া লম্বোদৰ বৰাৰ লগত মাথোন চন্দ্ৰনাথৰ তুলনা হয়।

 মুঠতে চন্দ্ৰনাথক কৰ্মসমষ্টি বা মূৰ্তিমান কৰ্ম বুলি ক'ব পাৰি। এনে কৰ্মবীৰৰ বিয়োগত আজি অসম জননী বিষাদমলিনা হৈছে, সহস্ৰ কণ্ঠৰ পৰা বিষাদৰ ৰাগিণী উঠি অসম আকাশ কালিমাময় কৰিছে, বন্ধু হৃদয়ৰ ছিন্ন তন্ত্ৰীত কৰুণ ৰাগিণী ধ্বনিত হৈছে।

চন্দ্ৰনাথে কাৰ্যতঃ দেখুৱালেঃ

ধনানি জীৱিতঞ্চৈৱ পৰাৰ্থে প্ৰাজ্ঞ উৎসৃজেৎ।
সন্নিমিত্তে বৰং ত্যাগো বিনাশে নিয়তে সতি॥