পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
কৰ্মবীৰ চন্দ্ৰনাথ

ব্যয় বহন কৰিলেহেঁতেন, তাত সন্দেহ নাই।

 এই বছৰতে শ্ৰীযুক্ত তাৰনাথ চক্ৰবৰ্তীৰ চেষ্টাত কিছুমান স্থানীয় ভদ্ৰলোক গোট খাই ‘বান্ধব সমিতি’ নামেৰে এখন সমিতি গঠন কৰে আৰু সেই সমিতিৰ পৰা ‘আসাম বান্ধব’ নামেৰে এখন মাহেকীয়া কাকত উলিওৱাৰ প্ৰস্তাব গৃহীত হয়। চক্ৰবৰ্তীদেৱকে সমিতিৰ বিধি-বিধানৰ তলতীয়া কৰি অবৈতনিক সম্পাদক নিযুক্ত কৰা হয়। দণ্ডিনাথ স্কুলৰ ছাত্ৰ হলেও ভিতৰুৱাভাৱে এই আন্দোলনত গুৰিৰে পৰা আছিল, তেৱেই এতিয়া চন্দ্ৰনাথ আৰু শ্ৰীযুত বেণুধৰ দাসক (তেতিয়া কটন কলেজৰ ছাত্ৰ) এই সংবাদ দি তেওঁলোকৰ বিশেষ সাহায্য দাবী কৰে। তাৰ ফলত তেওঁলোকৰ প্ৰত্যেকজনেই প্ৰবন্ধ আৰু অন্ততঃ এশকৈ গ্ৰাহক গোটাই দিবলৈ প্ৰতিশ্ৰুত হয়। কোৱা বাহুল্য যে প্ৰথমতে ‘আসাম বান্ধব’ৰ যি ন শ মান গ্ৰাহক হৈছিল, তাৰ প্ৰায় তিনি শ মান শ্ৰীযুত দাস আৰু চন্দ্ৰনাথে সংগ্ৰহ কৰা। অকল সেয়ে নহয়, প্ৰথম অৱস্থাত ‘বান্ধবে’ তেওঁলোকৰ পৰা সকলো প্ৰকাৰৰ সাহায্য লাভ কৰিছিল।

 ‘আসাম বান্ধব’ তেজপুৰৰ পৰা মুঠেই চাৰি সংখ্যা ওলাইছিল। তাৰ পিছত সম্পাদকে নগাওঁ হাই স্কুলৰ হেড্‌ পণ্ডিতৰ কাম লৈ তেজপুৰ এৰি যায় আৰু ‘বান্ধব’ চলোৱাত বহুতো বেমেজালি ঘটে। সেইবোৰ কাৰণত ‘বান্ধবসমিতি’য়ে তেওঁক সম্পাদক ভাঙি নতুন সম্পাদক পাতিবলৈ স্থিৰ কৰে, কিন্তু তেজপুৰত সেই ভাৰ লওঁতা কোনো নোলাল; অগত্যা সমিতিয়ে বিস্তৰ লিখালিখিৰ পিছত শ্ৰীযুক্ত চক্ৰবৰ্তীদেৱকে তাৰ স্বত্ত্ব দান কৰিলে। এই সময়ৰ পৰাই ‘বান্ধব’ৰ উদ্দেশ্য আগতকৈ বেলেগ হৈ পৰিল আৰু চন্দ্ৰনাথ প্ৰভৃতি ‘বান্ধব’ৰ প্ৰকৃত বান্ধবসকল লাহে লাহে আঁতৰি পৰিল।

 ‘আসাম বান্ধব’ তেজপুৰত থাকোঁতে তাত প্ৰকাশ কৰিবৰ মনেৰেই চন্দ্ৰনাথে ‘আনন্দৰাম বৰুৱা আৰু বঙলা ভাষা' প্ৰবন্ধটো লিখিছিল, কিন্তু কোনো কথাত আসোঁৱাহ ওলোৱাত তাক বান্ধবত