পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
কৰ্মবীৰ চন্দ্ৰনাথ

লগত অসহযোগ কৰাৰ কোনো আৱশ্যক নাছিল আৰু তেওঁ এতিয়া ভাৰতবাসীক যি স্বাধীনতা দিব খুজিছে; সেই স্বাধীনতা পাবলৈ গবৰ্ণমেণ্টৰ লগত যুঁজিবৰো একো আৱশ্যক নাছিল। মহাত্মা গান্ধীয়ে নিজে ১৯১৯ চনলৈকে গবৰ্ণমেণ্টৰ লগত সম্পূৰ্ণ সহযোগ কৰি আহিছে, কিন্তু তেওঁ সদায় স্বাধীন, কাৰো অধীন নহয় বুলি মোৰ বিশ্বাস। ময়ো যি দিনাৰে পৰা ছাম্‌লাটো পেলাই মহাত্মাৰ পদধূলি লৈ বাহিৰ হৈছে, সেই দিনাৰ পৰা মই স্বাধীন বুলি সকলে সভা-সমিতিত স্পষ্টকৈ কৈ আহিছোঁ। যি ঈশ্বৰপৰায়ণ, যাৰ খোৱা-পিন্ধাৰ চিন্তা নাই, ল’ৰা তিৰোতাৰ মোহত যি আৱদ্ধ নহয়, ধন-ঐশ্বৰ্য, পদ- গৌৰৱলৈ যাৰ আকাঙ্ক্ষা নাই, যি লোকৰ অনিষ্ট নকৰে কিন্তু ইষ্ট কৰিবলৈ ইচ্ছুক, যাৰ আইন ভঙ্গৰ দণ্ডলৈ ভয় নাই, সেই ভাৰতবাসীয়েই স্বাধীন। মহাত্মা গান্ধীয়ে ভাৰতবাসীকো সেইভাৱেই স্বাধীন কৰিব খোজে। মোৰ মনেৰে এই স্বাধীনতা যুদ্ধখন, আমোলা তন্ত্ৰৰ লগত নাপাতিলেও চলিলহেঁতেন। এই যুদ্ধত নমাই কংগ্ৰেছক ব্যতিব্যস্ত নকৰা হ'লেই ভাল আছিল। ইয়াৰ কাৰণে খিলাফৎ পঞ্জাবৰ হত্যাকাণ্ড আৰু চৰকাৰী ‘কৰ্মচাৰীৰ’ অত্যাচাৰ-উপদ্ৰৱৰ গড়িলা লবৰ একো আৱশ্যক নাছিল। পঞ্জাবৰ মানুহক বুজাবলৈ বিশেষ সুবিধা এই আছিল যে, দিল্লীৰ হত্যাকাণ্ডৰ সময়ত স্বামী শ্ৰদ্ধানন্দ যেতিয়া বন্দুকৰ আগত থিয় হ’ল তেতিয়া শিখ সৈন্যৰ হাতৰ পৰা বন্দুক খহি পৰিল, পঞ্জাবীসকলক ক’লেই হলহেঁতেন যে চোৱাঁ, স্বামী শ্ৰদ্ধানন্দ সন্ন্যাসী, অহিংসা ধৰ্মেৰে তেওঁৰ বুকু বন্ধোৱা, সেই দেখি তেওঁৰ আগত বন্দুক খহি পৰিল, আৰু তোমালোক কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য পৰিপূৰ্ণ মানুহ, সেই বাবে জেনেৰেল ডায়াৰে পাঁচ মিনিটতে তোমালোকৰ ১৪০০ শ মানুহকে যমপুৰীলৈ পঠিয়ালে, সেই দেখি তোমালোক সকলোৱেই চেষ্টা কৰা শ্ৰদ্ধানন্দ হবলৈ। তোমালোক সকলোৱেই যেতিয়া স্বামী শ্ৰদ্ধানন্দ হ’বা, তেতিয়া আৰু “বিপক্ষৰ” গুলিয়ে তোমালোকক নিবিন্ধা হ’ব আৰু তেওঁলোকে তোমালোকক স্বাধীন কৰি দি বিদায় মাগিব।