পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
কর্মবীৰ চন্দ্রনাথ


উপায় নাপাই কলিকতালৈ লৰিব লগা হ’ল। সি যি হওক, যদিও তেওঁ প্ৰথমে হতাশ হৈছিল তথাপি শেহত সকলোখিনি কিতাপকেই উদ্ধাৰ কৰিলে।

 চন্দ্ৰনাথ মেট্ৰিকুলেশ্যন শ্ৰেণীত থাকোঁতেই গৌৰীপুৰত উত্তৰ বঙ্গ সাহিত্য সম্মিলন বহিছিল। তেতিয়াৰে পৰা অসমীয়াৰো তেনে সম্মিলনৰ আৱশ্যকতা চন্দ্ৰনাথে অনুভৱ কৰিছিল। তাৰ পিছত ১৯১২ চনত কামাখ্যাত সেই সম্মিলন বহিলত তাত যোগ দি তেওঁৰ পূৰ্বৰ ইচ্ছা আৰু বলৱতী হৈ উঠিল। শেহত বৰ্দ্ধমানত বহা সাহিত্য সম্মিলনৰ পৰা ঘূৰি আহি তেওঁ বিশেষভাৱে আসাম সাহিত্য সম্মিলন স্থাপনৰ কথা ভাবিবলৈ ধৰিলে। তেওঁ এই কথা কেইবাজনো প্ৰবীণ সাহিত্য-সেৱীৰ কাণতো পেলাইছিল, কিন্তু এজনেও তেওঁক সমৰ্থন নকৰিলে। দুই-এজনে ক'লে, “তোমালোকেই এবাৰ ‘আসাম বান্ধব’ উলিয়াই উজনি-নামনিৰ ভাষা সম্পৰ্কে কন্দলখন লগাই দিলা। যি হওক, এতিয়ালৈকে সি কাকতে-পত্ৰই আছে। সম্মিলন পাতি জ্বলা জুইত ঘিউ ঢলাৰ প্ৰয়োজন নাই।”

 প্ৰবীণসকলৰ এনে মতামত পাই তেওঁ আৰু সেই কাৰ্যত আগ বাঢ়িব নোৱাৰিলে। কিন্তু ভাষা সম্পৰ্কে তেওঁলোকে সম্মিলনক যি চকুৰে চাইছিল, চন্দ্ৰনাথে ঠিক তাৰ বিপৰীত দেখিছিল। সন্মিলনেই ভাষা-বিভ্ৰাট গুচাবৰ একমাত্ৰ উপায় বুলিহে তেওঁ বিশ্বাস কৰিছিল।

 ১৯১৬ চনৰ ডিচেম্বৰত ‘আসাম এচোচিয়েশ্যন’ গুৱাহাটীত বহাৰ কথা হ’লত, তাৰ নিমিত্তে দিনে ৰাতিয়ে পৰিশ্ৰম কৰোঁতে আকৌ চন্দ্ৰনাথৰ সাহিত্য সম্মিলনৰ কথা মনত পৰিল, কিন্তু তাত যে প্ৰবীণ সাহিত্যিকসকলে পোনপটিয়াকৈ যোগ নিদিয়ে, সেইটো তেওঁ ভালকৈ জানিছিল। সেই কাৰণে ছাত্ৰৰ ভিতৰতে এই সম্মি- লন পাতিবলৈ তেওঁ সঙ্কল্প কৰিলে। চন্দ্ৰনাথে তেওঁৰ দুই-এজন বিশিষ্ট বন্ধুৰ লগত পৰামৰ্শ কৰি গুৱাহাটীৰ একতা সভাত এই বিষয়ে প্ৰস্তাব তুলিলে। প্ৰস্তাবটো সকলো সমজুৱাই সাদৰে গ্ৰহণ কৰিলে। তেতিয়া সেই কথা গুৱাহাটী আৰু কলিকতাৰ ছাত্ৰসকলক জনোৱা