গ্ৰন্থকাৰৰ এখন কিতাপো তেওঁ পঢ়িবলৈ বাকী থোৱা নাছিল। ইয়াৰ বাহিৰেও প্ৰত্যেকখন আলোচনী আৰু বাতৰি কাকতৰ তেওঁ গ্ৰাহক আছিল আৰু তাত ওলোৱা প্ৰত্যেকটো প্ৰবন্ধকে জাৰি-চালি চাইহে এৰিছিল।
যদিও চন্দ্ৰনাথে কোনো মৌলিক গ্ৰন্থ ৰচনা কৰা নাছিল, তথাপি তেওঁৰ ৰচনা-ভঙ্গীত মৌলিকতাৰ অভাৱ নাই। তেওঁৰ প্ৰকাশিত সাহিত্যগ্ৰন্থ মুঠেই তিনিখনঃ বিদ্যাসাগৰ, বছা-ফুল আৰু বছা ফুলৰ কৰণি। প্ৰথমখন গ্ৰন্থ তেওঁৰ আদৰ্শ মহাপুৰুষ ৺ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ চমু জীৱনী। এই ক্ষুদ্ৰ গ্ৰন্থত বিদ্যাসাগৰৰ চৰিত্ৰ যিমানখিনি সম্ভৱ ফুটি উঠিছে। পাতনিখনো মনমোহা হৈছে। কিতাপখন তেওঁ তেওঁৰ সাহিত্যগুৰু ৺লম্বোদৰ বৰাৰ নামত উছৰ্গা কৰিছে। বৰা ডাঙৰীয়াৰ যেনেকৈ মূল গ্ৰন্থতকৈও পাতনিৰ জেউতি চৰা আনন্দৰাম বৰুৱা আৰু শকুন্তলাৰ পাতনিয়েই যেনেকৈ বৰ্তমান অসমীয়া ভাষাৰ সৰ্বোৎকৃষ্ট গদ্য ৰচনা, তেনেকৈ চন্দ্ৰনাথৰো এই পাতনিখন মূল গ্ৰন্থৰ এখাপ ঔপৰত।
কিতাপখনত “বিদ্যাসাগৰৰ চৰিত্ৰৰ প্ৰধান প্ৰধান গুণবোৰ অৱলম্বন কৰি তেওঁক আদৰ্শ মহাপুৰুষৰূপে দেখুৱাবলৈ চেষ্টা কৰা হৈছে” বুলি লিখকে কৈছে আৰু সেই কাৰ্যত তেওঁ সঁচাকৈয়ে কৃতকাৰ্য হৈছে। কিতাপখন মুঠেই ন দিনত ৰচনা কৰা হৈছিল।
‘বছা-ফুল’ আৰু ‘বছা-ফুলৰ কৰণি’ বিদেশী সাহিত্যত পোৰা অমূল্য উপদেশৰাজিৰ সমষ্টি। যাতে ছাত্ৰসকলে অসংখ্য কিতাপ নুলুটিওৱাকৈ এই ক্ষুদ্ৰ কিতাপৰ সাহায্যেৰেই তেওঁলোকৰ চৰিত্ৰৰ সঁজুলি গোটাই ল’ব পাৰে, সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ এই পুথি ৰচনা কৰিছিল। 'বছা-ফুল’ৰ পাতনিত চন্দ্ৰনাথে কৈছেঃ ‘ফুলৰ আদৰ কৰিব সকলোৱে নাজানে, লেখকেও নাজানে। ফুলৰ মালা গাঁথিবলৈ মালিনীৰ প্ৰয়োজন, লেখক মালিনী নহয়। গতিকে বছা-ফুলৰ ফুলবোৰ গোলাপ নে মদাৰ আৰু তাক পিন্ধিব বা ল'ব পৰা হৈছেনে নাই, লেখকে ক'ব নোৱাৰে; তাক পৰস্তে পাঠকৰ