পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
কৰ্মবীৰ চন্দ্ৰনাথ

বয়সত মৰিব পাৰিলেও হয়। ( লম্বোদৰ বৰ ৩২ বছৰ বয়সত মৃত্যু হৈছিল।) পিছে তই উনপঞ্চাছৰ আগেয়ে নমৰ কিয়?

 দণ্ডিনাথ— তাৰ কাৰণ উনপঞ্চাছৰ আগেয়ে উনপঞ্চাসৎ পবন একেলগ হোৱাৰ সম্ভাবনা নাই।

 চন্দ্ৰ— তেনেহ'লে ময়েই আগেয়ে মৰাৰ ঠিক হ’ল। তই মোৰ জীৱনী লিখিব লাগিব, নহ'লে ময়ে লিখি তোক ছপা খৰছেৰে সৈতে দি যাম, তই লিখকৰ ঘৰত নামটো দি ছপাই দিবি।

 যদিও ওপৰৰ কথাখিনিৰ বেছি ভাগ সেই জীৱনীখনৰ সমালোচনা মাথোন, তথাপি তাৰ ভিতৰত আত্মশ্লাঘাৰ আভাস আছে। এই আভাস ইয়াৰ বাহিৰেও বহুতো কথাত পোৱা যায়। তেওঁ প্ৰায়ে নিজক প্ৰসিদ্ধ ডাঙৰ মানুহৰ লগত তুলনা কৰিবলৈ ভাল পাইছিল। সাজ-পাৰত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, সমালোচনাত ৺চন্দ্ৰনাথ বসু, কৰ্ম- জীৱনত আনন্দৰাম বৰুৱা আৰু অলপ বয়সত ডাঙৰ কাম কৰাত পিট চাহাবৰ নাম লবলৈ তেওঁ আগ্ৰহ প্ৰকাশ কৰিছিল। সি যি হওক, এই মহাপুৰুষসকলৰ আৰ্হি মনত ৰখাৰ পৰা তেওঁৰ হানি নহৈ বৰং লাভহে হৈছিল। দৃষ্টান্তস্বৰূপে এটা ঘটনা উল্লেখ কৰা যাওক: চন্দ্ৰনাথ কলিকতালৈ যাওঁতে শ্ৰীযুক্ত লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াক দেখা কৰিবৰ মনেৰে শ্ৰীযুক্ত বেণুধৰ শৰ্মাৰ লগ ল'লে। শৰ্মাই ক'লে, “আপুনি দেখোন বেজবৰুৱা ডাঙৰীয়াৰ লগত সদায় বাক্ যুদ্ধ কৰি আহিছে, এতিয়া আকৌ তেখেতক দেখা কৰিবলৈ যায়নে?”

 চন্দ্ৰনাথে ক'লে, “সাহিত্য-ক্ষেত্ৰৰ লগত দেখা-শুনাৰ কোনো সম্পৰ্ক নাই। তদুপৰি তেখেতৰ ওচৰত মই কৃতজ্ঞ হোৱা উচিত। কাৰণ তেখেতে মোক পিট বুলি বিদ্ৰূপ নকৰা হ'লে, আজি কিজানি মই এটা বেলেগ মানুহ হ'লোঁ‌হেঁতেন আৰু এনেভাৱে তেখেতক দেখা কৰিবলৈ ওলাব নোৱাৰিলোহেঁতেন।”

 ওপৰত চন্দ্ৰনাথৰ মৌলিকতাৰ অভাবৰ কথা কোৱা হৈছে। বাস্তৱতে, উপস্থিত ঘটনাৱলী জুকিয়াই লৈ সম্পূৰ্ণ স্বাধীনভাৱে গৱেষণা কৰা অভ্যাসটো চন্দ্ৰনাথৰ বেছিকৈ নাছিল। তেনে ঘটনাৰ সম্পৰ্কে