পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্মবীৰ চন্দ্ৰনাথ

আছিল। তেওৰ পুতেক দীনাই ঠাকুৰে কৃষ্ণৰামৰ কন্যা শ্ৰীমতী উমেশ্বৰীক বিয়া কৰাইছিল। এই সম্বন্ধ ঘটাৰ পিছত সোমেশ্বৰে দীনাই ঠাকুৰৰ হৈ মাজে-সময়ে শিঙৰী দেৱালয়ৰ পূজা-সেৱা চলাইছিল। এনেকৈয়ে বছৰচেৰেক যোৱাৰ পিছত দীনাই ঠাকুৰৰ মৃত্যু হয় আৰু উমেশ্বৰী পিতাকৰ ঘৰলৈ উঠি আহে। এই সূত্ৰেই ৰাইজৰ অনুমোদন মতে সোমেশ্বৰ শিঙৰীৰ নিগাজী ঠাকুৰ হয়। সোমেশ্বৰ আৰু তেওঁৰ পূত্ৰ লোকনাথৰ মৃত্যুৰ পিছত এতিয়া বাপীৰামৰ দ্বিতীয় পুত্ৰ শ্ৰীযুক্ত হেমকান্ত ঠাকুৰে তাৰ কাৰ্য চলাই আছে।

 সৰ্বকনিষ্ঠ নন্দিনাথ হেড মণ্ডল আছিল, মৌজাদাৰী প্ৰথাৰ পুনৰ প্ৰবৰ্তন হ’লত তেওঁ মৌজাদাৰ হবলৈকো যত্ন কৰিছিল, কিন্তু ইয়াৰ ভিতৰতে তেওঁৰ ইহলীলাৰ অন্ত পৰিল।

 পঞ্চম পুত্ৰ দণ্ডিনাথ নিতান্ত সৰল মানুহ আছিল, লিখা- পঢ়াও বিশেষ নাজানিছিল।

 তেতিয়া তেওঁলোকৰ ঘৰত চাৰি হাল ম’হেৰে খেতি কৰিছিল। এই চাৰি হাল ম’হ ৰখিবলৈ এজন ৰখীয়াৰ প্ৰয়োজন হ’ল। দণ্ডিনাথৰ ভায়েক-ককায়েক সকলোৰে একোটা ব্যৱসায় আছিল, কিন্তু দণ্ডিনাথৰ একো নাছিল, সেই কাৰণে ঘৰৰ সকলোৱে আলচ কৰি গোনাৰ লগতে জনীচেৰেক মাইকী ম’হো গোটাই দি দণ্ডিনাথক তাৰ ৰখীয়া পাতিলে। কেই বছৰমানৰ পিছতে ম’হৰ সংখ্যা বাঢ়ি এটা খুটি হৈ পৰিল।

 মণিৰাম ওৰফে মঙ্গলু বাপুৰ দিনত এওঁলোকৰ ঘৰ মঙ্গলু বাপুৰ ঘৰ বুলি জনাজাত আছিল। এতিয়া মানুহ জাকৰুৱা হোৱাত তেওঁলোকৰ ঘৰে ‘জাকৰুৱা বামুণৰ ঘৰ’ নাম পালে। ম’হৰখীয়া হোৱাৰ বাবে দণ্ডিনাথৰ নাম হ’ল গুৱাল বাপু। কোনে ভাবিছিল, এই গুৱাল বাপুৱেই এদিন চন্দ্ৰনাথৰ নিচিনা ৰত্নেৰে অসমীয়া জাতিক অলঙ্কৃত কৰিব।