পৰীক্ষাৰ সময়ত এনে জঞ্জালত পৰাত এইবাৰৰ ফল আশানুৰূপ নহব বুলি ভয় হৈছিল, কিন্তু ভগবানৰ কৃপাত চন্দ্ৰনাথে পৰীক্ষাত ওখ ঠাই অধিকাৰ কৰি কুৰিটকীয়া বৃত্তি লাভ কৰিলে।
সপ্তম অধ্যায়
কটন কলেজত
(বি, এ, শ্ৰেণীত)
আই, এ, পৰীক্ষাত উত্তীৰ্ণ হৈ চন্দ্ৰনাথে কটন কলেজত বি, এ, পঢ়িবলৈ ধৰিলে। এতিয়া এই বৃত্তিৰ টকাকেইটা পাই তেওঁ আগতকৈ স্বচ্ছন্দতাৰে থাকিব পৰা হ'ল। যদিও চন্দ্ৰনাথে পূৰ্বৰ দৰেই শহুৰেকৰ ঘৰতে থাকি পঢ়িছিল, তপাপি বৃত্তিৰ টকা তেওঁ- লোকৰ হাতত নিদিছিল, কেতিয়াবা তাৰ বাবে কথা শুনিব লগা হলেও তেওঁ তালৈ কাণ নিদিছিল। এই টকাৰে তেওঁ হাত-খৰছ যে চলাইছিলেই, নিৰাশ্ৰয় বা দুখীয়া শিক্ষাৰ্থীকো যথাসাধ্য সাহায্য কৰিছিল। তেনে কাৰ্যত তেওঁ কেতিয়াও পিছ নুহুঁহকিছিল, আন কি, টকা নথকাত তেনে শিক্ষাৰ্থীৰ আৱশ্যক অনুযায়ী নিজৰ পিন্ধা ধুতি, আঁঠুৱা, তলত পৰা আদি দান কৰিবলৈকো কুণ্ঠিত নহৈছিল।
তৃতীয় বাৰ্ষিক পঢ়োঁতে তেওঁ আকৌ সেউতীৰ সম্পাদক নিযুক্ত হৈছিল, কিন্তু দুই-এজন ন লিখাৰুৰ সাহিত্যত চৌৰ্যবৃত্তি দেখি তেওঁ এনে তীব্ৰভাৱে তাৰ সমালোচনা কৰিলে যে পিছত নতুন লিখকে প্ৰবন্ধ লিখিবলৈকে ভয় খালে। তাৰ ফলত সেইবাৰ চাৰি কি পাঁচ সংখ্যাতেই “সেউতী"ৰ বছৰ পূৰাব লগাত পৰিল।
সেই বছৰত তেওঁৰ কেইবাবাৰে জ্বৰ আৰু বুকৰ বিষ হৈছিল।