পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
কৰ্মবীৰ চন্দ্ৰনাথ


 চন্দ্ৰনাথে বি, এল, পাচ কৰাৰ সময়ত শ্ৰীযুত অম্বিকাচৰণ ৰায় চৌধাৰী ‘আসাম-বান্ধব’ৰ সহকাৰী সম্পাদকৰ বাব এৰি দি আহি গুৱাহাটীত আছিল আৰু এখন উৎকৃষ্ট ধৰণৰ মাহেকীয়া কাকত উলিয়াবলৈ প্ৰাণপণে যত্ন কৰিছিল। কিন্তু ইচ্ছামতে কাম কৰিবলৈ তেওঁৰ অৰ্থ-সংস্থান নাছিল, সেই কাৰণে তেওঁ লগৰীয়া বিচাৰি শ্ৰীযুত ৰঘুনাথ চৌধাৰী আৰু চন্দ্ৰনাথৰ ওচৰ চাপে। চন্দ্ৰনাথে দেখিলে এজন ‘বান্ধৱ’ৰ ভূতপূৰ্ব সম্পাদকৰ লগত মিলি কাকত উলিয়ালে উজনি-নামনি দুয়ো ঠাইৰ স্বাৰ্থ ৰক্ষা কৰি চলিবলৈ ছল লাগিব আৰু তেনেকৈয়ে দুদল অতিচাৰীৰ মাজত সামঞ্জস্য ঘটাব পাৰিব। চন্দ্ৰনাথৰ সিদ্ধান্ত তেওঁৰ পূৰ্বোক্ত বন্ধুসকলেও অনুমোদন কৰিছিল। চন্দ্ৰনাথে তেতিয়া ৰায় চৌধাৰীৰ প্ৰস্তাৱত হয় দিলে আৰু দুয়ো মিলি এখন খত দি বৰপেটাৰ পৰা এটা প্ৰেছ আনিলে। সেই প্ৰেছ গুৱাহাটীৰ বৰপেটীয়া পাৰাত স্থাপন কৰা হয়, সি এতিয়া অৰুণা প্ৰেছ নামেৰে প্ৰসিদ্ধ।

 অৰুণা প্ৰেছ স্থাপন কৰা হ’লত চন্দ্ৰনাথ আৰু ৰায় চৌধাৰী দুয়ো যুটিয়া সম্পাদক হৈ ‘চেতনা’ উলিয়াবলৈ স্থিৰ কৰিলে। ১৯১৯ চনৰ ভাদ মাহৰ জন্মাষ্টমীৰ দিনা চেতনাৰ প্ৰথম সংখ্যা ৰাইজৰ আগলৈ ওলাল। চেতনাৰ ঘাই বিশেষত্ব ইয়াতে যে ই আন কাকতৰ দৰে ৰাজনীতি-বৰ্জিত নহয়। তদুপৰি দুয়ো সম্পাদকে তাক পাৰ্যমানে সাম্প্ৰদায়িকতাৰ চাৰি ঢাপৰ বাহিৰত ৰাখিবলৈ যত্ন কৰিছিল। ভাষা সম্পৰ্কেও ই সম্পূৰ্ণ উদাৰ, কিন্তু তেনে হবলৈ যাওঁতে কোনো কোনো লিখকৰ ব্যাকৰণ দুষ্ট আৰু ভ্ৰমসঙ্কুল ৰচনাও যে সাধু আৰু শুদ্ধ হৈ চলি যোৱা নাই, এনে নহয়। এই খিনিতেই চেতনাৰ দোষ, প্ৰত্যেক লিখকৰ ব্যক্তিগত স্বাধীনতাক শ্ৰদ্ধা কৰাটোৱেই এনে দোষৰ উৎপত্তিৰ কাৰণ।

 এই কাকতৰ বহুল প্ৰচাৰৰ নিমিত্তে যদিও ৰায় চৌধাৰীয়ে প্ৰাণপণে খাটিছিল, তথাপি চন্দ্ৰনাথৰ সাহায্য নোপোৱা হ'লে তেওঁ ইমান বল নাপালেহেঁতেন। অধিক কি চন্দ্ৰনাথ লগত নথকা হ'লে তেওঁ সিমান বেগাই প্ৰেছকে আনিব নোৱাৰিলেহেঁতেন।