পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
কৰ্মবীৰ চন্দ্ৰনাথ


বহুমুখী হোৱা উচিত, সেই কাৰণেই সাহিত্য শব্দটো বাদ দিব লাগে। স্বয়ং সভাপতি ডাঙৰীয়াই এই প্ৰস্তাব সমৰ্থন কৰিছিল, আনকি তেখেতৰ অভিভাষণত ‘আসাম ছাত্ৰ সম্মিলন’ বুলিহে লিখিছিল। এতিয়া তেখেতে দিয়া নামেই সৰ্বসম্মতিক্ৰমে গৃহীত হ’ল।

  ‘অসমীয়া ছাত্ৰৰ সাহিত্য সম্মিলন-এ’ ‘আসাম ছাত্ৰ সম্মিলন’ নাম ল’লত আকৌ সাহিত্য সম্মিলনৰ আৱশ্যকতা থাকি গ’ল। তাকে দেখি শ্ৰীযুক্ত অম্বিকাচৰণ ৰায় চৌধাৰীয়ে তেতিয়াই স্থানীয় আৰু দূৰাগত সকলো সাহিত্যসেৱীক এই বিষয়ে আলচ কৰিবলৈ নিমন্ত্ৰণ কৰিলে। সেই নিমন্ত্ৰণ মতেই ডেকা সাহিত্যিকসকল শ্ৰীযুক্ত গৌৰী- কান্ত তালুকদাৰ বি, এলৰ চ’ৰাত গোট খালে, কিন্তু প্ৰবীণ সাহিত্যিক প্ৰায় কোনোৱেই নাছিল। তথাপি ডেকাসকলৰ ভিতৰত আলোচনা চলিল আৰু ‘সাহিত্য-সম্মিলন’ স্থাপন কৰাত সকলোৱেই মত দিলে। প্ৰস্তাবটো গৃহীত হ’লত গুৱাহাটীতে এখন কাৰ্য-নিৰ্বাহক সভা পাতি সেই সভাক পিছৰ বাৰৰ ‘আসাম এচোচিয়েশ্যন’ বা ‘ছাত্ৰ-সম্মিলন’ৰ লগতে ‘সমূহ অসমীয়াৰ সাহিত্য সভা’ এখন পাতিবলৈ ক্ষমতা দিয়া যায়। চন্দ্ৰনাথৰ মূৰত বলে নোৱাৰা কাৰ্যৰ বোজা থকাতো সকলোৱে এক বাক্যে তেওঁকেই এই সভাৰ সম্পাদক হবলৈ অনুৰোধ কৰিলে, চন্দ্ৰনাথেও ৰাইজৰ অনুৰোধ পেলাব নোৱাৰি সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিলে।

  পিছৰ বাৰ আসাম এচোচিয়েশ্যন শিৱসাগৰত বহাৰ কথা। গুৱাহাটীৰ কাৰ্য-নিৰ্বাহক সভাই তাৰ লগে লগেই সাহিত্য-সম্মিলন পাতিবলৈ স্থিৰ কৰে। সভাৰ সিদ্ধান্ত শিৱসাগৰীয়া ৰাইজক জনাই তাত এখন অভ্যৰ্থনা সমিতি গঠন কৰি সম্মিলন পতাৰ দিহা কৰিবলৈ চন্দ্ৰনাথে বিস্তৰ লিখালিখি কৰিছিল। শিৱসাগৰীয়া ৰাইজলৈ তেওঁ এনেকৈ লিখিছিল :

  কাৰ্যনিৰ্বাহক সভা হ’ল গুৱাহাটীত, কিন্তু সিবিলাকে সভা পাতিবলৈ স্থিৰ কৰিছে শিৱসাগৰত। স্বৰূপতে সকলো কথা দকৈ ভাবি চালে আসাম কন্ফাৰেন্সৰ লগে লগে হোৱাটোহে যুক্তিযুক্ত