পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
কৰ্মবীৰ চন্দ্ৰনাথ

হ’ল। এই প্ৰবন্ধত তেওঁ কৈছিল “ঘৰুৱা মাত কথাৰে ভাষা পৰিপুষ্ট কৰিবলৈ হলে অসমীয়াৰ ভিতৰত অনৈক্য নুগুচে, কিয়নো পৃথিৱীৰ আন আন ঠাইৰ মানুহৰ দৰে আমাৰ অসমৰো এখন জিলাৰ মানুহৰ ভিতৰত কেইবাবিধৰো বেলেগ মাত-কথা শুনা যায়। নলবাৰী আৰু পলাশবাৰীৰ মানুহৰ মাত-কথা একে নহয়। তাৰ এঠাইৰ মাত-কথা বাদ দিলে সেই মাত কওঁতাসকলে এৰিব কিয়? ‘বাঁহী’-বান্ধৱৰ দলাদলিৰ মূলতো এয়ে নহয়নে?

 অসমীয়া ভাষাৰ ইচ্ছা তেওঁৰ সেৱকসকলে লিখিত ভাষাক কথিত ভাষাৰ পৰা আঁতৰাই উন্নত কৰক, তাক সংস্কৃত আৰু আন ভাষাৰ ভাৱব্যঞ্জক শব্দেৰে চহকী কৰি নানাবিধ বিজ্ঞান, দৰ্শন, বুৰঞ্জী, ৰাজনীতি, সমাজনীতি লিখিবৰ উপযুক্ত কৰক। তেতিয়াহ'লে অসমীয়া ভাষাই উজনি-নামনি সকলো ঠাইৰ অসমীয়া মানুহৰ মন তুষিব পাৰিব।”

 তেওঁ আকৌ কৈছিল— “আমাৰ নিজৰ আৰু পৰৰ ভাষাৰ শব্দ ‘হেমকোষ’ত নাথাকিলেও আৰু সংস্কৃতৰ পৰা ওলোৱা নহ’লেও লিখিলে অসমীয়া ভাষাৰ মঙ্গল হে অমঙ্গল নহয়। তদুপৰি আমাৰ অসমতে, বিশেষকৈ নামনি খণ্ডত কিছুমান এনে সুন্দৰ অৰ্থবাচক আৰু ভাবপূৰ্ণ শব্দ সাহিত্যত ঠাই নোপোৱাকৈ আছে যে তাত সকলো শুদ্ধমনা লোক মুগ্ধ হ’ব। সেইবোৰ শব্দ উদ্ধাৰ কৰি আমাৰ লিখা সাহিত্যত প্ৰচুৰ পৰিমাণে ব্যৱহাৰ নকৰাটো আমাৰ লিখক সকলৰ অন্যায় হৈছে। সোণতৰা, আদৰমালতী, আগুৰাণ, মহৰি, পেঁক, আপা, এইবোৰ শব্দ যে এতিয়াও কিয় আন্ধাৰত পৰি আছে আমি ভাবি নাপাওঁ।”

 ওপৰত টোকাৰ পৰা দেখা যায় তেওঁ কোনো এঠাইৰ মাত- কথাকে লিখিত ভাষা, কৰি আন ঠাইৰ মানুহক সেইটোকে গ্ৰহণ কৰিবলৈ বাধ্য কৰাৰ পক্ষপাতী নাছিল। গোটেই আসামৰ লোকসকলৰ উপযোগী এটা লিখিত ভাষাৰ আৱশ্যকতা তেওঁ বৰকৈ অনুভৱ কৰিছিল। এই আদৰ্শকে লৈয়েই তেওঁ সাহিত্য-সম্মিলন স্থাপনৰ