পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পঞ্চম অধ্যায়

পিতৃ-বিয়োগ আৰু মেট্ৰিকুলেশ্যন পৰীক্ষা

 

 ওপৰত কৈ অহা হৈছে চন্দ্ৰনাথৰ পিতাকৰ আৰ্থিক অৱস্থা সিমান ভাল নাছিল। তাতে তিনটা ল’ৰা আৰু ছোৱালীজনীৰ বিয়াত ধাৰো যথেষ্ট হৈছিল। চন্দ্ৰনাথ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ যেতিয়া ১৯১০ চনত মেট্ৰিকুলেশন পৰীক্ষা দিবলৈ ওলাল, তেতিয়া তেওঁ বহু প্ৰবন্ধেৰেহে পৰীক্ষাৰ ‘ফীজ’ যোগাৰ কৰি দিলে। কিন্তু গুৱাহাটীত পৰীক্ষা দিবলৈ গ'লে যি খৰছ লাগিব, তাক গোটাবৰ কোনো উপায় কৰিব নোৱাৰিলে। ধাৰলৈ ধন বিচাৰি দণ্ডিনাথ বহুত ঠাইত ঘূৰিলে, কিন্তু তেওঁৰ মনোৰথ পূৰ্ণ নহ’ল, চিন্তাত মূৰ ঘূৰিবলৈ ধৰিলে। সকলো ঠাইতে হতাশ হৈ শেহত তেওঁ স্থানীয় মৌজাদাৰক ধৰিলেগৈ, কিন্তু তাৰ পৰাও ভগ্ন মনোৰথ হৈ উলটিব লগাত পৰিল। ঘৰলৈ আহি তেওঁ চিন্তাত একেবাৰেই ম্ৰিয়মান হৈ নোখোৱা নেমেলাকৈয়ে, পাটীত দীঘল দি পৰিল। লাহে লাহে তেওঁৰ শৰীৰ অসুস্থ হৈ আহিল আৰু ৰাতি ভয়ানক জ্বৰ উঠিল। সেই জ্বৰৰ আৰু উপশম নহ’ল। এদিন এৰাতি মাথোন জ্বৰত ভুগি তেওঁ জীৱন-লীলা শেষ কৰিলে।

 চন্দ্ৰনাথ তেতিয়া বোৰ্ডিঙতে আছিল। সেই সময়ত যদিও বাছনি পৰীক্ষাৰ পিছত পৰীক্ষাৰ্থীসকলক স্কুলত পঢ়োৱা নহৈছিল, তথাপি এঘাৰ বজাত স্কুলত উপস্থিত হৈ অহাৰ নিয়ম আছিল। চন্দ্ৰনাথে তাতে থাকি পঢ়িছিল, আৰু অন্যান্য কামো পূৰ্বৰ দৰেই কৰিছিল।

 ইতিপূৰ্বে স্কুলৰ সকলো ছাত্ৰই একেলগে বঙালীসকলৰ বাৰোৱাৰী পূজাঘৰতে সৰস্বতী পূজা পাতিছিল। কিন্তু ১৯০৯ চনৰে