পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
কৰ্মবীৰ চন্দ্ৰনাথ


 সভা সমিতিত যোগ দিবলৈ তেওঁৰ সদায় আগ্ৰহ আছিল আৰু তেজপুৰত হোৱা কোনো সভাকেই তেওঁ বাদ নিদিছিল। বোৰ্ডিঙত এখন ছাত্ৰ-সভা পাতি দক্ষতাৰে সৈতে তাৰ কাৰ্য চলা- ইছিল আৰু প্ৰত্যেক সভাতে হয় ৰচনা পঢ়িছিল, নহয় বক্তৃতা দিছিল। এবাৰ সেই সভাৰ বাৰ্ষিক উৎসৱ পাতিবলৈকো আয়োজন কৰিছিল আৰু তাৰ কাৰ্য-বিবৰণী কলিকতাৰ প্ৰেছত ছপাই আনিছিল, কিন্তু হেড্‌ মাষ্টৰ ডাঙৰীয়াই অনুমতি নিদিয়াত সি হৈ নুঠিল।

 চন্দ্ৰনাথ ছাত্ৰবৃত্তি স্কুলত পঢ়ি থাকোঁতেই তেওঁৰ ককাইদেৱেক যোগেশ্বৰে হেড্‌ মাষ্টৰৰ লগত কিবা লাগি ইংৰাজী স্কুলৰ চতুৰ্থ শ্ৰেণীতে শিক্ষা শেষ কৰিব লগাত পৰে; নীলাম্বৰো ছাত্ৰবৃত্তি পৰীক্ষা নিদিয়াকৈয়ে আকৌ কোচবেহাৰলৈ উলটি যায়। সেই কাৰণে তিনিজনৰ ঠাইত এজনক পঢ়াব লগা হোৱাত দণ্ডিনাথে অলপ উশাহ ল’ব পাৰিছিল আৰু চন্দ্ৰনাথেও কিছু দিনলৈ খৰছৰ অভাব বিশেষ অনুভব কৰিব নালাগিছিল, কিন্তু পিছলৈ নানা কাৰণত মাজে সময়ে নাটনিত পৰি কষ্ট পাব লগা হৈছিল।

 চন্দ্ৰনাথ ইংৰাজী স্কুলত তৃতীয় শ্ৰেণীত পঢ়াৰ পূৰ্বেই তেওঁৰ ডাঙৰ ককায়েক দুজনৰ বিয়া হৈছিল। এই বিয়াতে দণ্ডিনাথৰ আগৰ যি পুঁজি আছিল, সি যি ঢুকালেই, আকৌ চাৰি শ টকাৰ ধাৰ হ’ল। ইফালে চন্দ্ৰনাথৰো বৃত্তিৰ সময় উকলি যোৱাত সম্পূৰ্ণ খৰছ ঘৰৰ পৰা দিব লগাত পৰিল। পিতাকে তেতিয়া নিৰুপায় হৈ ঘৰৰ সকলোৰে মতামত সুধিলে, সকলোৱে ইমানতে চন্দ্ৰনাথৰ শিক্ষা শেষ কৰাকেই যুক্তিযুক্ত বুলি স্থিৰ কৰিলে। তাৰ কাৰণ হৈছে চন্দ্ৰক কোনোমতে চাহ-বাগিচাৰ চাকৰিৰ উপযুক্ত কৰাই তেওঁলোকৰ শেষ লক্ষ্য আছিল আৰু তৃতীয় শ্ৰেণীৰ বিদ্যায়েই যে তালৈ যথেষ্ট হ’ব, সিও তেওঁলোকৰ জনা আছিল। চন্দ্ৰনাথে কিন্তু স্কুল এৰিবলৈ ইচ্ছা নকৰিলে, অথচ কিতাপ কিনিবলৈকো টকা নাই। দণ্ডিনাথে আন উপায় নেদেখি অগত্যা খুঁটিৰ পৰা