পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
কৰ্মবীৰ চন্দ্ৰনাথ


দেখা যায়; তেহে আমাৰ ইচ্ছা ফলৱতী হোৱাৰ সম্ভৱ। এতিয়া আমাৰ কাৰ্য-নিৰ্বাহক সভাই সিবিলাকৰ সাহিত্য সভা পতা কাৰ্য আপোনালোকৰ হতুৱাই নকৰালে উপায় নাই। সভা আহবান কৰাৰ পৰা বিদায় দিয়ালৈকে সকলো কাৰ্যই আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে এই বিষয়ে আপোনালোকৰ মতামত শীঘ্ৰে আমাক জনালে কৃতাৰ্থ হ’ম। '

  এই বিষয়ে চন্দ্ৰনাথৰ কাৰ্য অকল চিঠি-পত্ৰতেই শেষ হ’ল, কাৰণ শিৱসাগৰীয়া ৰাইজে ওপৰত কোৱা মতে সাহিত্য সম্মিলন পাতিবলৈ এই কাৰ্য-নিৰ্বাহক সভাৰ লগত সম্পৰ্ক ৰখাৰ কোনো প্ৰয়োজন নেদেখিলে। তেওঁলোকে স্বাধীনভাৱেই সেইবাৰ আসাম এচোচিয়েশ্যনৰ লগত আসাম সাহিত্য সম্মিলন পাতিলে। গুৱাহাটীৰ কাৰ্য-নিৰ্বাহক সভাৰ লগত ইয়াৰ সম্পৰ্ক নাথাকিল সঁ‌চা কিন্তু সি যে এই সম্মিলনৰ আৱশ্যকতা উনুকিয়াই দি তাৰ আৰম্ভণ সূচনা কৰিছিল, তাত কোনো সন্দেহ নাই।

  এই বছৰতে চন্দ্ৰনাথৰ ‘বিদ্যাসাগৰ’ আৰু ‘বছা ফুল’ ছপা হৈ ওলায়। 'বিদ্যাসাগৰ’খন শ্ৰীযুক্ত লোহিত চন্দ্ৰ ভূঞাই তেওঁৰ প্ৰস্তাবিত ‘ৰত্নমালা গ্ৰন্থাৱলী’ৰ অন্তৰ্গত কৰিবৰ উদ্দেশ্যে চন্দ্ৰনাথৰ হতুৱাই লিখাই নিছিল, কিন্তু তেওঁ তাক প্ৰকাশ কৰি উলিয়াব নোৱাৰিলে। চন্দ্ৰনাথে তেতিয়া যোৰহাটৰ দাস কোম্পানীক তাৰ প্ৰকাশৰ ভাৰ দিলে। এই পুথি ছপাই অসমীয়া সাহিত্যৰ সম্পদ বঢ়োৱাৰ বাবে উক্ত কোম্পানী আসাম পাবলিছিং হাউছৰ অধ্যক্ষ শ্ৰীযুত জিতেন্দ্ৰ কুমাৰ দাস নিশ্চয় ধন্যবাদৰ পাত্ৰ।

  বছা ফুলৰ ফুলবিলাক প্ৰথমে ‘সেউতী’ৰ ডালত আৰু পিছত আলোচনীৰ ফুলনিত দুই-চাৰিটাকৈ ফুলিছিল। দাস আৰু তালুকদাৰ এজেন্সীৰ গৰাকী শ্ৰীযুত দুৰ্গানাথ বৰুৱাই তাক একেলগ কৰি ৰাইজৰ হাতত দিয়ে।

  চন্দ্ৰনাথৰ সন্মুখত পৰীক্ষা আৰু গাত শিক্ষকৰ কৰ্তব্য থকাতো তেওঁ সেইবাৰ বহুতো ৰাজহুৱা কামত ঘূৰিছিল। সাহিত্য সভা