নোহোৱাকৈ প্ৰায়ে চাহ নাখায়। তেনে স্থলত তেওঁলোকৰ আপত্তিৰ মূল্য কি?
চন্দ্ৰনাথে ক’লে ‘ভিতৰুৱাকৈ সকলোৱে খাব পাৰে; সেই বুলি প্ৰকাশ্যভাৱে খাবলৈ এৰি দিব নোৱাৰি। তেনে কৰিলে সামাজিক বন্ধন ঢিলা হৈ হিন্দু সমাজৰ অনিষ্ট ঘটিব।'
বহুতে এই কথাৰ প্ৰতিবাদ কৰি ক'লে ‘আমি প্ৰায় সকলোৱেই দেখা-শুনাকৈয়ে মুছলমানৰ ‘বন’, ‘কেক’, পাওৰুটি খাওঁ , তেনে স্থলত আমিয়েই লগেৰে খালে জগৰটো লাগে কেনেকৈ?'
চন্দ্ৰনাথে ক'লে, ‘হোষ্টেলতে লগে-ভাগে খালেও আপত্তি নাছিল, তেতিয়াও তাক ভিতৰুৱাভাৱে ল’ব পৰা গ’লহেঁতেন। কিন্তু পাদুৰী চাহাবৰ বাৰীত গোটেই জিলাৰ মানুহে দেখাকৈ আৰু মুছলমান ছাত্ৰসকল লগত থাকোঁতে তেনেকৈ খোৱা নিশ্চয় অন্যায় হৈছে। তাৰ বাবে খোৱাসকল পৰাচিত হ'ব লাগিব; নহ'লে কালিলৈ যদি মুছলমান হোষ্টেলত খাবলৈ মাতে, তেতিয়া কি কৰিব?”
এই বিষয়ে বহুতো তৰ্ক-বিতৰ্ক হ’ল,কিন্তু চন্দ্ৰনাথৰ ফলীয়া ছাত্ৰৰ সংখ্যা নিচেই কম হোৱাত তেওঁৰ কথা নৰজিল॥
তাৰ কিছুদিনৰ আগতে জনচেৰেক হিন্দু ছাত্ৰই এজন ব্ৰাহ্মণ- ছাত্ৰৰ লগত খোৱাত হুলস্থুল লাগিছিল। চুপাৰিটেণ্ডেণ্ট বাবু বনমালী বেদান্ততীৰ্থই বিচাৰ কৰি সেই হিন্দু ছাত্ৰসকলক দোষী সাব্যস্ত কৰি তাৰ প্ৰায়শ্চিত্ত স্বৰূপে ব্ৰহ্মপুত্ৰত স্নান কৰি ৰাম নাম লবলৈ ব্যৱস্থা দিছিল। [ অৱশ্যে বিচাৰ চলি থাকোঁতেই কলৰ পানী বন্ধ হোৱাত সকলো ব্ৰহ্মপুত্ৰলৈ যাব লগাত পৰিছিল।] এই ঘটনাৰ পিছত চন্দ্ৰনাথে এদিন কৈছিল, 'যদিও তেওঁ ব্ৰাহ্ম, তথাপি মই ব্যক্তিগত ভাৱে তেওঁৰ সৈতে একেখন কাঁহীতে খাব পাৰোঁ, কিন্তু সামাজিকভাৱে একে শাৰীত বা একে ঘৰতো খাব নোৱাৰোঁ। আন কোনোবাই তেনেকৈ খালেও মই তাত আপত্তি কৰিবলৈ বাধ্য হ’ম, নহ'লে সমাজ নাথাকে।'
সমাজৰ সম্পৰ্কে যে সেই কালত তেওঁৰ মত কেৰোণে ধৰা আছিল, ওপৰৰ ঘটনা দুটাৰ পৰাই তাক বুজিব পাৰি।