পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্মবীৰ চন্দ্ৰনাথ

এই কাৰ্যটো বৰ ঢিলা নাছিল। এটা মেৰৰ ভিতৰত ম’হবিলাক কিছুমান বান্ধি আৰু কিছুমান নবন্ধাকৈয়ে সুমুৱাই থোৱা হৈছিল। ওপৰত ঘৰ নাছিল, সেই কাৰণে তাত সদায় বোকা আছিলেই। বাৰিষা দিনত সেয়ে আঁঠুৱনীয়া হৈ পৰিছিল; ম’হ মেলা আৰু বন্ধাৰ পিছত গুৱালে গা ধুইহে ভিতৰ সোমাব পাৰিছিল।

 ইয়াৰ বাহিৰেও বাৰিষা দিনত বৰশী বোৱা অভ্যাসটো সেই ঠাইৰ আন ল’ৰাৰ দৰে চন্দ্ৰনাথৰো আছিল।

 চন্দ্ৰনাথে প্ৰাইমাৰী পৰীক্ষা দুবাৰ দিছিল। প্ৰথম বাৰ তেওঁ অকৃতকাৰ্য হয়, দ্বিতীয় বাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বৃত্তি লাভ কৰে আৰু ১৯০১ চনৰ এপ্ৰিল মাহত তেজপুৰ সদৰ মজলীয়া স্কুলত ভৰ্তি হয়। যোগেশ্বৰে তেতিয়া ছাত্ৰবৃত্তি ‘পাচ’ কৰি বৃত্তি লৈ পূৰ্বৰ দৰে বোৰ্ডিঙতে থাকি ইংৰাজী স্কুলত পঢ়িছিল। চন্দ্ৰনাথ প্ৰথমতেই দিনচেৰেক ঘৰৰ পৰা আহিছিল, কিন্তু ইমান বাট খোজ কাঢ়ি আহি পঢ়া অসম্ভব হৈছিল, তাতে চন্দ্ৰনাথক নিতান্ত নিৰ্জু ল’ৰা দেখি দুষ্ট ল’ৰাবিলাকে বৰকৈ আমনি কৰিছিল আৰু কেতিয়াবা কেতিয়াবা ফলি-পুথি কাঢ়ি লৈ পানীত পেলাই দিছিল। সেই কাৰণে তেওঁক শেহত ককায়েকৰ লগতে বোৰ্ডিঙত থাকিবলৈ দিয়া হ'ল। ইয়াৰ পিছৰ বছৰত নীলাম্বৰৰ মধ্য ইংৰাজী স্কুলৰ পৰীক্ষাত অকৃতকাৰ্য হৈ তেজপুৰলৈ আহিল আৰু মজলীয়া স্কুলৰ প্ৰথম শ্ৰেণীত ভৰ্তি হ’ল। তেৱোঁ ককায়েকহঁতৰ লগতে থাকিল। দণ্ডিনাথে এতিয়া তিনিটা ল’ৰাক জিলাত থৈ পঢ়াব লগাত পৰিল।

 দণ্ডিনাথে আন উপায় নেদেখি পাঁচ ঘৰ মান মহন্ত আৰু আৰু পাঁচ ঘৰ মান কলিতা মানুহৰ পৌৰোহিত্য গ্ৰহণ কৰে। সেই সময়তে বালিশিহা নামে এখন ওচৰৰ ঠাইত বহু পমুৱা মানুহ বহি তাক এখন গাঁৱত পৰিণত কৰে। সেই ঠাইত কোনো বামুণ নাছিল, সেই কাৰণে তাৰ মানুহবিলাকেও গোপিনী সবাহ আৰু সময়ত শ্ৰাদ্ধাদি কৰিবলৈ তেওঁক নিমন্ত্ৰণ কৰিবলৈ ধৰিলে। যদিও দণ্ডিনাথ লিখা-পঢ়াত বিশেষ পাকৈত নাছিল,