পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্মবীৰ চন্দ্ৰনাথ

তথাপি অধ্যৱসায়ৰ গুণত এইবোৰ কাৰ্য যেনে তেনে চলাব পৰা হ'ল।

 এনেকৈয়ে দণ্ডিনাথৰ দুপইচা ওলোৱাৰ উপায় হ'ল কিন্তু তাতে এটা ডাঙৰ প্ৰতিবন্ধক আছিল। ৰাতিৰ কাম তেওঁ ম'হ বান্ধি থৈ গৈও কৰিব পাৰে, কিন্তু দিনৰ কাম কৰিবলৈ তেওঁ ম’হ এৰি যায় কেনেকৈ? শেহত তেওঁ আন গুৱালবিলাকৰ লগত এই বন্দবস্ত কৰিলে যে তেওঁৰ দিনত কাম থাকিলে তেওঁলোকে তেওঁৰ ম'হ কেইটাও চাব লাগিব আৰু তাৰ সলনিত তেওঁ সকলো গুৱালক বছৰি একোটাকৈ ভোজ দিব। এই বন্দবস্তত গুৱালবিলাক মান্তি হ’লত তেওঁ ল’ৰাকেইটাৰ খৰছ কিছু পৰিমাণে উলিয়াবলৈ উপায় পালে। ল'ৰাকেইটায়ো পৈতৃক দাৰিদ্ৰ্যৰ ভীষণ হেঁচা গম নোপোৱাকৈয়ে জিলাতে থাকি পঢ়িবলৈ ধৰিলে।

 চন্দ্ৰনাথ সৰুৰে পৰা পঢ়া-শুনাত মনোযোগী আছিল, কিন্তু ঘৰত থকাখিনি কালত একাণপতীয়া হৈ লাগিবলৈ বিশেষ সুবিধা নাপাইছিল। তদুপৰি কেতিয়াবা কোনো কথাত সন্দেহ জন্মিলে তাক ভজন কৰোঁতাও কোনো নাছিল। এতিয়া বোৰ্ডিঙত তেওঁৰ সকলো সুবিধা ঘটি উঠিল, তেওঁ বৰ মনোযোগেৰে পঢ়িবলৈ ধৰিলে। শ্ৰেণীত তেওঁৰ ঠাই সকলোৰে আগত আছিল আৰু প্ৰতি বছৰেই শ্ৰেণীত প্ৰথম হৈ বঁটা পাইছিল।

 সেই সময়ত মজলীয়া স্কুলত প্ৰতি শনিবাৰে এখন সভা বহিছিল। তাৰ নিমিত্তে আলোচ্য বিষয়, ৰচনা-লিখক আৰু বক্তা আগ ধৰি স্থিৰ কৰা হৈছিল। এই সভায়েই জয়জয়তে চন্দ্ৰনাথৰ মনত সাহিত্যানুৰাগ সুমুৱাই দিছিল। যিমানেই তেওঁ শিক্ষকসকলৰ পৰা প্ৰশংসা পাইছিল, সিমানেই তেওঁৰ ৰচনা লিখা আৰু বক্তৃতা দিয়াৰ আগ্ৰহ বাঢ়ি গৈছিল। তেওঁ যে কালত এজন নাম-জ্বলা লিখক আৰু বক্তা হ’ব তেতিয়াই তাৰ আভাস পোৱা গৈছিল।

 সেই কালত মজলীয়া স্কুলত এই কেইজন শিক্ষক আছিল— প্ৰধান শিক্ষক স্বৰ্গীয় গুৰুনাথ দত্ত, দ্বিতীয় শিক্ষক বাবু জগৎ চন্দ্ৰ সেন আৰু তেওঁ বদলি হ’লত ৺ধনিৰাম হাজৰিকা (পিছলৈ প্ৰধান