বোধ কৰোঁ কাইলৈ পাম। আইৰ গা কেনে আছে লেখিব। ইতি
সেৱক
শ্ৰী চন্দ্ৰনাথ
ওপৰৰ চিঠিখনত চন্দ্ৰনাথৰ ৰাজনৈতিক মতামতৰ আভাস পোৱা যায়। কিন্তু সেই মতামত কেনে আৰু তেওঁৰ কাৰ্য-প্ৰণালীয়েই বা কেনে, তাৰ মীমাংসা কৰাৰ ভাৰ আমাৰ ওপৰত নহয়, ৰাজনীতিক সকলে তাৰ আলোচনা কৰি থাকক। আমি মাথোন ইয়াকে ক’ব পাৰোঁ যে বৰ্তমান আসামত যি ৰাজনৈতিক আন্দোলনৰ সোঁত বোৱা দেখা যায়, সি ভালেই হওক বা বেয়াই হওক, ঘাইকৈ চন্দ্ৰনাথৰ প্ৰাণান্তক পৰিশ্ৰম আৰু অক্লান্ত দেশ-সেৱাৰ ফল।
চন্দ্ৰনাথৰ বিশেষত্ব
চন্দ্ৰনাথ একেলগে সাহিত্যিক, ৰাজনৈতিক, শিক্ষা আৰু সাম্য প্ৰচাৰক। তেওঁ নিজে দৰিদ্ৰ হৈও সততে দুখীয়াৰ দুখ দূৰ কৰিবলৈ যত্ন কৰিছিল। সুকীয়া হিছাপে ধৰিলে প্ৰত্যেকটো বিষয়তে তেওঁৰ সমনীয়া আৰু তেওঁতকৈও ডাঙৰ কৰ্মী বহুত ওলাব, কিন্তু একে জন মানুহতে একেলগে ইমানবোৰ গুণ সচৰাচৰ অসমীয়াৰ মাজত পোৱা নাযায়। তথাপি এইবোৰ কাৰ্যত তেওঁৰ বিশেষত্ব পোনপটিয়ে বৰ বেছি বুলি ক’ব নোৱাৰি। তেওঁৰ প্ৰধান বিশেষত্ব হৈছে মূৰ পুতি কাম কৰাত। লেজুত ধৰি বল নিদিয়া অভ্যাস তেওঁৰ জীৱনত কেতিয়াও নাছিল। অৱস্থা যেনে প্ৰতিকূলেই হওক, তেওঁ যি কাম। এবাৰ কৰিম বুলি আগবাঢ়ে তাক নকৰাকৈ কেতিয়াও নেৰে। ইচ্ছাশক্তি আৰু অজেয় মনোবল তেওঁৰ প্ৰধান অস্ত্ৰ আছিল।