পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তৃতীয় অধ্যায়

নিম্ন প্ৰাইমাৰী আৰু ছাত্ৰবৃত্তি স্কুলত

 

 বিহুগুৰি পাঠশালাতে চন্দ্ৰনাথৰ প্ৰথম বিদ্যাৰম্ভ হয়। সেই স্কুলতে পঢ়ি তেওঁৰ জ্যেষ্ঠ ভ্ৰাতা যোগেশ্বৰে বৃত্তি লাভ কৰে আৰু তেজপুৰ সদৰ মজলীয়া স্কুলত ভৰ্তি হৈ হাইস্কুলৰ বোৰ্ডিঙতে থাকি পঢ়িবলৈ ধৰে। নীলাম্বৰ সৰুৰে পৰা তেওঁৰ খুড়াক বাপীৰামৰ লগত কোচবেহাৰত আছিল আৰু তাতে এখন মধ্য ইংৰাজী স্কুলত পঢ়িছিল।

 চন্দ্ৰনাথ সৰুৰে পৰা বৰ নিৰ্জু আৰু শান্ত স্বভাৱৰ ল’ৰা আছিল; কাৰো লগত কাজিয়া কৰা তেওঁৰ অভ্যাস নাছিল। মাথোন কেতিয়াবা কেতিয়াবা গাঁৱলীয়া ল’ৰাৰ গাঁৱলীয়া মতানুযায়ী নিজক বামুণৰ ল’ৰা বুলি ডাঙৰ পাতি আন জাতৰ ল’ৰাক হীন বোলাত দুই- এজনৰ লগত অলপ মনোমালিন্য ঘটিছিল। এদিন এনে কথাতে তেওঁৰ সহপাঠী এজনৰ ইমানকৈ খং উঠিছিল যে তেওঁ, পিছ দিনা পঢ়াশালিলৈ নাহি ছুটীৰ পাছত চন্দ্ৰক মাৰিবৰ মনেৰে বাটত খাপ দিছিল। ঘৰলৈ উলটি যাওঁতে চন্দ্ৰনাথ এই আকস্মিক আক্ৰমণৰ আগন্তুক দেখি থৰ হৈ ৰ’ল। তেওঁ পলাবলৈকো যত্ন নকৰিলে, মৰামৰি কৰিবলৈকো আগ নাবাঢ়িল। মাথোন ধীৰে ধীৰে ক’লে, “মোক কিয় মাৰ ভাই? মইতো তোক গালি পৰা নাই, মুঠেই আন মানুহে যিহকে কোৱা শুনিছোঁ, তাকে কৈছোঁ।”

 সহপাঠীজনে আৰু মাৰিবলৈ আগ বাঢ়িব নোৱাৰিলে, আকৌ দুয়োৰে মিলাপ্ৰীতি হ’ল। ল’ৰা কালিৰ এই সামান্য ঘটনাটোতে চন্দ্ৰনাথৰ ভবিষ্যৎ মহানুভবতাৰ অঙ্কুৰ দেখা যায়।

 পঢ়াশালিত পঢ়োঁতে চন্দ্ৰনাথে কেতিয়াবা কেতিয়াবা ম’হ মেলা আৰু বন্ধা কাৰ্যত পিতাকক সাহায্য কৰিব লগাত পৰিছিল।