ছাতি মেলি যাৱ। এতিয়া তাৰ বাবে হয় তহঁতে দণ্ড দে, নহ'লে
তহঁতৰ ছাতি কাঢ়ি লোৱা হ’ব।”
অধিকাৰৰ কথা শুনি দুয়োজনে সেই অজ্ঞাত আৰু প্ৰথম অপৰাধৰ বাবে বিনীতভাৱে ক্ষমা খুজিলে, কিন্তু গোসাঁইৰ কোব চৰিহে উঠিল। যি হওক, বহুতো তৰ্ক-বিতৰ্ক আৰু উপৰোধ অনুৰোধৰ পিছত অধিকাৰে দণ্ডৰ জোখ লাহে লাহে কমাই আনি শেহত চাৰি অনাত খুঁটি পুতিলে, আৰু তাকো দিবলৈ অপৰাধী দুজনে আপত্তি কৰা দেখি পুৰ্বোক্ত পাৰিষদক ছাতি কাঢ়ি লবলৈ সঙ্কেত দিলে। ‘প্ৰভু’ৰ এই সঙ্কেত পোৱা মাত্ৰেই ল’ৰাটো চিলা অহা দি আহি ছাতিত ধৰিলে। অবুজ গোসাঁইক কোনো মতে বুজাব নোৱাৰি অগত্যা চন্দ্ৰনাথে জেপৰ পৰা সিকি এটা উলিয়াই নি নিষ্কৃতি লাভ কৰিলে। ওলাই আহি তেওঁলোকে দেখিলে জোতাযোৰ নাই। অনুসন্ধান কৰি জানিব পাৰিলে, পদূলিৰ আগেদি নিব নোৱাৰা জোতাযোৰ কোনোবা পাৰিষদৰ দ্বাৰা বাজেয়াপ্ত হৈ পূৰ্বৰ অপবিত্ৰতা ধুই মচি ‘প্ৰভু’ৰ টোলত বিৰাজ কৰিছিল। লৰালৰিকৈ তাৰ উদ্ধাৰৰ আয়োজন নকৰাহ’লে সি যে সোঁশৰীৰে বৈকুণ্ঠ লাভ কৰিলেহেঁতেন তাত সন্দেহ নাই। সেই দিনাৰ পৰাই চন্দ্ৰনাথে অন্ততঃ গোসাঁই-মহন্তসকলৰ সংস্কাৰৰ আবশ্যকতা হৃদয়ঙ্গম কৰিছিল। কিন্তু তেতিয়াও তেওঁ সাৰ্বজনীনভাৱে সমাজ সংস্কাৰৰ পক্ষপাতী নাছিল।