পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দ্বিতীয় অধ্যায়

জন্ম

 

 জাকৰুৱা বামুণৰ পৈতৃক বাৰী-মাটি মুঠেই তিনি বিঘা- মানহে আছিল। এতিয়া মানুহৰ সংখ্যা বঢ়াৰ লগে লগে ঠাইৰ অনাটন হৈ আহিল। সকলোৱে ভাবি-চিন্তি চাই মহৰ খুটি- টোকে আঁতৰাই ৰখা উচিত বিবেচনা কৰিলে। তেওঁলোকৰ ঘৰৰ পৰা হোলা এটাৰ সিপাৰে মেকনৰ চুক বোলা ঠাইত তেওঁলোকৰ পাঁচ বিঘামান মাটি আছিল। দণ্ডিনাথক তাতে ম’হ-খুটি পাতিবলৈ দিয়া হ’ল। ১৮০৩ শকত তেওঁ ঘাই ঘৰ এৰি সপৰিবাৰে এই ম’হ-খুটিত ঠাই ল’লে।

 দণ্ডিনাথ ম’হৰখীয়া হৈ মেকনৰ চুকত থাকিবলৈ ধৰিলে। পুৱা গাখীৰ খীৰাই ঘাই ঘৰত জমা দি দিনটো ম’হ ৰখায়েই তেওঁৰ প্ৰধান কাম আছিল, অৱসৰমতে কেতিয়াবা খেতি-বাতিৰ কাৰ্যতো সাহায্য কৰিছিল। তেওঁ যদিও বেলেগ ঠাইত আছিল, তথাপি, প্ৰথমতে ঘাই ঘৰতহে খোৱা-লোৱা কৰিছিল।

 দণ্ডিনাথ ঘাই ঘৰত থাকোঁতেই তেওঁৰ বিবাহ হয়। তেওঁৰ পত্নীৰ নাম কৌশল্যা দেৱী। এই শুভ মিলনৰ ফলত তেওঁৰ ছটি পুত্ৰ আৰু এটি কন্যাৰ জন্ম হয়। পুত্ৰকেইটিৰ চতুৰ্থ জনেই স্বদেশপ্ৰেমিক কৰ্মবীৰ চন্দ্ৰনাথ। ১৮১১ শকৰ আঘোণ মাহৰ ২৩ দিন যোৱাত তেওঁৰ জন্ম হয়। প্ৰেমানন্দ, যোগেশ্বৰ আৰু নীলাম্বৰ তেওঁতকৈ ডাঙৰ, কণ আৰু মলখু সৰু। ছোৱালীজনী তেওঁৰ মূৰত ভৰি দি উপজিছিল। এওঁলোকৰ ভিতৰত প্ৰেমানন্দই মাথোন ঘাই ঘৰত জন্ম পাইছিল, বাকী আটাইকেইজনৰ জন্ম মেকনৰ চুকৰ ম’হখুটিত।