ইফালে সিফালে ঘূৰি কটাইছিল। ঘৰুৱা সুখৰ নিমিত্তে চন্দ্ৰনাথ তেতিয়াৰে পৰা লালায়িত নাছিল। বৈৱাহিক জীৱনতো তেওঁৰ সেই স্বভাৱ একেদৰেই আছিল।
যদিও আন কিছুমান ডাঙৰীয়াৰ দৰে চন্দ্ৰনাথে নিজৰ পৰিয়ালটোকে সাবটি ধৰি বাদুলী ওলোমা দিয়া নাছিল, তথাপি পৰিয়ালৰ প্ৰতি তেওঁৰ স্নেহ নাছিল বুলিলে ভুল হ’ব। তেওঁ তেওঁৰ মাক- পিতাকক অন্তৰেৰে সৈতে ভক্তি কৰিছিল, ককাইদেৱেকহঁতক প্ৰাণেৰে সৈতে ভাল পাইছিল, পত্নীৰ প্ৰতিও তেওঁৰ প্ৰেম গাঢ় আছিল। যদিও তেওঁৰ স্নেহৰ ভাগ গোটেই দেশবাসীক বিলাব লগা হোৱাত তেওঁলোক কেতিয়াবা ক্ষুণ্ণ হ’ব লগাত পৰিছিল, তথাপি চন্দ্ৰনাথৰ আন্তৰিক স্নেহ যে স্থিৰ আছিল, তাত সন্দেহ নাই।
কিন্তু চন্দ্ৰনাথে তেওঁৰ পৰিয়ালৰ লোকসকলক যিমানেই ভাল পাওক, জন্মভূমিৰ প্ৰতি তেওঁৰ ভালপোৱা তাতকৈ বেছি আছিল। মৃত্যু-শয্যাত সন্তানক এৰি যাব পাৰে, পত্নীক ঈশ্বৰৰ হাতত সমৰ্পণ কৰি আঁতৰি থাকিব পাৰে, কিন্তু দেশৰ আৰু দহজনৰ সেৱালৈ তেওঁ পিঠি দিব নোৱাৰে।
চন্দ্ৰনাথে সংসাৰত তেওঁৰ যুৱতী পত্নী আৰু এটি কন্যা এৰি থৈ যায়, মৃত্যুৰ মাহচেৰেকৰ পাছত তেওঁৰ ভাৰ্যা আৰু এটি কন্যাৰ জননী হৈছে। চন্দ্ৰনাথে এওঁলোকৰ নিমিত্তে কোনো পুঁজি ৰাখি যোৱা নাই। ভৱিষ্যতৰ চিন্তা তেওঁ সমূলি নকৰিছিল নাইবা কৰিবলৈ অৱসৰ নাছিল।
চন্দ্ৰনাথৰ সাজ-পাৰ আৰু খোৱা-লোৱাত বাহ্যড়ম্বৰ নাছিল; সৰুৰে পৰা অতি সৰলভাৱে জীৱন-যাপন কৰিছিল। এখন ধুতি, এটা বনিয়ন, এটা কামিজ আৰু সময়মতে এটা কোট— এইখিনিয়েই তেওঁৰ সাজ-পাৰ আছিল। বুকু-খোলা কোট তেওঁ কেতিয়াও নিপিন্ধিছিল। ভৰিত প্ৰায়েই চটি জোতা পিন্ধিছিল, কেতিয়াবাহে আন প্ৰকাৰ জোতা ব্যৱহাৰ কৰিছিল। ঘৰত প্ৰায়ে খৰম পিন্ধিছিল। আৰু তাৰ ব্যৱহাৰত এনে অভ্যস্ত হৈছিল যে খৰম পিন্ধিও তেওঁ