পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
কর্মবীৰ চন্দ্রনাথ


 দ্বিতীয় বাৰ্ষিক পঢ়োতে চন্দ্ৰনাথৰ ‘সাধনী’ নামেৰে এটা প্ৰবন্ধ উষাত ওলাইছিল। এই প্ৰবন্ধটো লিখাৰ এটা উদ্দেশ্য আছিল। শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াই ‘সাধনী’ নাটকখন লিখিবলৈ হাতত লৈ ঘটনাৱলী সজাই ৰাখিছিল কিন্তু নাটকখন লিখা হোৱা নাছিল। সেই কাৰণে চন্দ্ৰনাথে তেখেতৰ নাটকৰ জঁকাটোকে অৱলম্বন কৰি এই প্ৰবন্ধ ৰচনা কৰিলে আৰু তলত শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ হাতেলিখা সাধনী অৱলম্বন কৰি লিখা বুলি টোকা দিলে। তেওঁৰ উদ্দেশ্য আছিল এই টোকা দেখি অভিনয়ৰ নিমিত্তে যেয়ে সেয়ে নাটকখন বিচাৰিব আৰু তেতিয়া দহ বন কাতি কৰি থৈ নাটকখন শেষ কৰিবলৈ গ্ৰন্থকাৰ বাধ্য হব। তেওঁৰ উদ্দেশ্য আৰু চেষ্টা যে সফল হৈছিল, তাক নকলেও হয়।

 এই বছৰতে চন্দ্ৰনাথৰ ‘ভুবন’ আৰু ‘বন্ধু বিয়োগ’ নামেৰে দুটা কবিতা আলোচনীত ওলাইছিল। প্ৰথমটো তেওঁ তেওঁৰ পত্নীৰ উদ্দেশ্য লিখিছিল।

 ইণ্টাৰমিডিয়েট পঢ়ি কথা কালতে চন্দ্ৰনাথে দুখন কিতাপো লিখিছিল। এখন ‘সাবিত্ৰী-সত্যবান’ আৰু আনখন ‘চিন্তা’। দ্বিতীয়খন কিতাপ সম্পূৰ্ণ হোৱা নাছিল। প্ৰথমখন ৺কালীপ্ৰসন্ন সিংহৰ মহাভাৰত অৱলম্বন কৰি লিখা, চন্দ্ৰনাথ বসুৰ সাবিত্ৰী তত্ত্বৰো তাত ঠায়ে ঠায়ে ছাঁ পৰিছিল। কিতাপখনৰ ভাব, ভাষা, আৰু বৰ্ণনা অতি সুন্দৰ হৈছিল। তেওঁ এই পুথিখন সাহিত্য-পেন্সনভোগী শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ নামত উছৰ্গা কৰিছিল আৰু মতামতৰ কাৰণে তেখেতলৈ পঠিয়াই দিছিল। বৰুৱা ডাঙৰীয়াই কিতাপখনৰ অ'ত ত’ত চকু ফুৰাই চাই ক’লে, ‘কিতাপখন লিখা ভাল হৈছিল, কিন্তু ভাষা বৰ জটিল আৰু সংস্কৃতীয়া হৈছে। উচ্চ শিক্ষিত পাঠক- পাঠিকালৈ যে ই উপযোগী হৈছে, তাত সন্দেহ নাই, কিন্তু আমাক লাগে সম্প্ৰতিকে এনে বিধৰ ছোৱালী স্কুলত পাঠ্য কৰিব পৰা কিতাপ। ইয়াৰ ভাষা কিছু সৰল কৰি লিখিলে ইয়াক ছোৱালী স্কুলত দিবলৈ ছল লাগিব আৰু গ্ৰন্থকাৰেও দু-পইছা পাব।’