ৰাজহুৱা কামৰ বেলিকা তেওঁৰ শক্তি দহ গুণ বাঢ়িছিল। বাস্তৱতে অসমীয়াৰ ভিতৰত ৰাইজৰ কামত প্ৰাণপাত কৰিবলৈ যদি কোনোবা সদায় সাজু আছিল, দহজনৰ মঙ্গলৰ নিমিত্তে নিজৰ অমঙ্গল মাতি আনিবলৈ যদি কোনোবা আগ বাঢ়িছিল, তেনেহলে তেওঁ চন্দ্ৰনাথ। সেই মূৰ্ছাৰোগগ্ৰস্ত পুনঃ পুনঃ সংজ্ঞা-বিলুপ্তা চন্দ্ৰনাথৰ পত্নীৰ কাতৰ দৃষ্টি আৰু পীড়িতা শিশুকন্যাৰ ৰোগ-শয্যা দেখি চন্দ্ৰনাথৰ দীঘল হুমুনিয়াহ ওলাব পাৰে, কিন্তু দেশৰ কাম,— ৰাইজৰ কাম বন্ধ থাকিব নোৱাৰে।
চন্দ্ৰনাথে নিজে পাটীত পৰি ছটফটাব লাগিছে, ডাক্তৰে নাড়ী চাই ঔষধৰ ব্যৱস্থা কৰিছে, বন্ধু-বান্ধবে শুশ্ৰূষা কৰিছে, হঠাৎ দেশৰ আহ্বান আহিল, আৰু কি চন্দ্ৰনাথ পাটীত পৰি থাকিব পাৰে! যায় প্ৰাণ যাওক, কিন্তু জাতীয় যজ্ঞ পণ্ড হব নোৱাৰে। চন্দ্ৰনাথৰ নতুন শক্তি আহিল, কাৰ্য শেষ নহয় মানে ৰোগেও পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। আকৌ হাত-মুখ ধুই চন্দ্ৰনাথ খাবলৈ বহিছে, আগত ভাত বাঢ়ি দিয়া হৈছে, হঠাৎ বাতৰি আহিল – কোনো এঠাইত তেওঁৰ উপস্থিতিৰ একান্ত আৱশ্যক, মুহূৰ্ততে চন্দ্ৰনাথ বাহিৰ হ’ল, বঢ়া ভাত বঢ়াতে থাকিল। এয়েই চন্দ্ৰনাথৰ বিশেষত্ব। দেশৰ মঙ্গলৰ বাবে অবিশ্ৰাম কাম কৰিলেও তেওঁক এলাহ বা ভাগৰে ছুব নোৱাৰে, আহাৰ বা নিদ্ৰাৰ অভাৱে কাতৰ কৰিব নোৱাৰে। চন্দ্ৰনাথৰ সঙ্কল্প আছিল— কাম কৰাঁ, কাম কৰাঁ, সমস্ত দেশৰে সৈতে তোমাৰ সত্তা এক কৰি কাম কৰাঁ। কাম শেষ নহয় মানে বিশ্ৰাম ল’ব নোৱাৰাঁ, নিজৰ ল'ৰা-তিৰুতা, ঘৰ-দুৱাৰৰ কথা ভাবিব নোৱাৰাঁ, ক্লান্ত হৈ শয্যা গ্ৰহণ কৰিব নোৱাৰা। তোমাৰ কৰ্তব্য শেষ কৰি বিশ্ৰাম ল’বা; কাম নৌ শেষ হওঁতেই যদি মৃত্যু ঘটে, সিও ভাল, তথাপি আধা কৰাকৈ এৰিব নোৱাৰা। চন্দ্ৰনাথৰ এনে কৰ্মনিষ্ঠাই আনকি, সেই সময়ৰ তেজপুৰৰ পুলিচ চুপাৰিন্টেণ্ডেণ্ট চাহাবকো মুগ্ধ কৰিছিল। এতিয়াও তেওঁ অসমীয়াক চন্দ্ৰনাথৰ স্মৃতি ৰক্ষাৰ উদগনি দিবলৈ এৰা নাই।