পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
কৰ্মবীৰ চন্দ্ৰনাথ

‘চেতনা' বন্ধ হ’বলৈ দিয়াতকৈ নিজেই তাৰ সংশ্ৰৱ পৰিত্যাগ কৰি ‘চেতনা’ক জামিনৰ হাতৰ পৰা মুক্ত কৰিলে। তেতিয়াৰে পৰা শ্ৰীযুক্ত অম্বিকাচৰণ ৰায় চৌধাৰীয়েই ‘চেতনা’ চলাই আহিছে।

 
ত্ৰয়োদশ অধ্যায়।
অসহযোগী চন্দ্ৰনাথ
নৰিয়া আৰু মৃত্যু
 

 অসহযোগী হৈ চন্দ্ৰনাথে আগতকৈও তিনি গুণ পৰিশ্ৰম কৰিবলৈ ধৰিলে। তেওঁৰ শোৱা-খোৱাৰো ঠিক নোহোৱাত পৰিল। আগেয়ে তেওঁ ঘনকৈ চাহ-পানী আৰু তামোল খাইছিল, অসহযোগী হোৱাৰ পৰা তাকো এৰিলে; ভৰিৰ চটি জোতাযোৰৰ এৰি শুদা ভৰিৰে ফুৰিবলৈ ধৰিলে। আসামৰ যি ঠাইতেই কোনো গোলমালৰ সম্ভাৱনা হৈছিল, তাতেই তেওঁ উপস্থিত আছিল, আনকি, বহুত সময়ত বঢ়া ভাত এৰি থৈয়ো তেওঁ লৰিব লগাত পৰিছিল।

 চন্দ্ৰনাথ তেজপুৰ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল। তেওঁৰ পৰি- চালনাত ভলন্টিয়াৰসকল এনেকৈ চলিছিল যে, সেই সময়ত স্কুল-কলেজ এৰি আহি অসহযোগী হোৱা এজন ছাত্ৰও আন ঠাইৰ ছাত্ৰৰ দৰে উলটি যোৱা নাছিল, জেলৰ ভয়ে কাকো কঁপাব নোৱাৰিছিল আৰু এজনো তেজপুৰীয়া স্বেচ্ছাসেৱক প্ৰতিশ্ৰুতি দি ফাটেকৰ পৰা ওলোৱা নাছিল। মুঠতে চন্দ্ৰনাথে তেওঁৰ কাম এনে সুচাৰুৰূপে কৰিছিল যে, আন কোনোবা ঠাইত তেনেকৈ কৰিব পাৰিছিল বুলি বিশ্বাস নহয়। এই কাৰ্যত শ্ৰীযুত লক্ষ্মীধৰ শৰ্মা আৰু শ্ৰীযুত অমিয়কুমাৰ দাস তেওঁৰ প্ৰধান সহায় আছিল।

 ১৯২১ চনৰ আগষ্ট মাহত নিখিল ভাৰতৰ কংগ্ৰেছ কমিটিত যোগ দিবলৈ বৰদলৈ প্ৰমুখ্যে নেতাসকলৰ লগত চন্দ্ৰনাথ বোম্বাইলৈ