পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দশম অধ্যায়

উকীল চন্দ্ৰনাথ— দ্বিতীয় বছৰ
চেতনা
 

 চন্দ্ৰনাথ স্কুলত থাকোঁ‌তে কেনেকৈ হাতে লিখা ‘চেতনা’ৰ সম্পাদক হৈছিল তাক ওপৰত কৈ অহা হৈছে। চেতনা বন্ধ হোৱাৰ পিছতো তেওঁ তাক ছপাই উলিওৱাৰ সপোন প্ৰায়েই দেখি আছিল, দণ্ডিনাথৰে সৈতে বহি সেই বিষয়ে কত কল্পনা কৰিছিল তাৰ লেখ-জোখ নাই। তাৰে এটা এইঃ-তেওঁলোক দুয়োজন কলেজৰ পৰা ওলালেই যেনেকৈ হওক এটা প্ৰেছ আনিব আৰু তাৰ পৰাই ‘চেতনা' প্ৰকাশ কৰিব। এই প্ৰেছৰ আৰু কাকতৰ মেনেজাৰ হ’ব বস্তিৰ মেনেজাৰ ৺যোগানন্দ দত্ত। কিন্তু তেওঁলোকৰ সপোন সপোনতে ঢুকাল, তেওঁলোক কলেজৰ পৰা ওলোৱাৰ পূৰ্বেই যোগানন্দই আনন্দময়ৰ শান্তিময় কোলাত আশ্ৰয় গ্ৰহণ কৰিলে।

 যোগানন্দৰ মৃত্যুৰ পিছত পূৰ্ব প্ৰস্তাব যদিও তল পৰিল, তথাপি চেতনা উলিওৱাৰ কথা সদায় সজীব হৈয়েই থাকিল। এদিন তেনে আলোচনাৰ সময়ত শ্ৰীযুত বেণুধৰ দাস উপস্থিত আছিল। তেওঁ চন্দ্ৰক কলে :-‘তোমাৰ 'চেতনা' ওলোৱাৰ আগেয়েই "মোৰ চোৰাং-চোৱা" ওলাব।” চন্দ্ৰনাথে টানি ক'লে যে তেওঁ চেতনা তাৰো আগেয়ে উলিয়াইহে এৰিব। শ্ৰীযুত দাসে ক'লে :– “তোমাৰ 'চেতনা' যিমান আগেয়ে উলিওৱা তথাপি অন্ততঃ তোমাৰ কাকত ওলাবৰ দিনাই মোৰ কাকতৰ ভিঃ পিঃ পাবা।”

 যদিও শ্ৰীযুত দাসে এই কথা ধেমালিতহে কৈছিল, তথাপি চন্দ্ৰনাথে তাক পোনপটিয়াকৈ গ্ৰহণ কৰিছিল আৰু তেওঁৰ কথা ৰজাবলৈ মনে মনে সাজু হৈছিল। মুঠতে চেতনাৰ বিষয়ে সৰুতে যি সঙ্কল্প কৰিছিল, তাক চন্দ্ৰনাথে কেতিয়াও পাহৰা নাছিল। তাতে