পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
কৰ্মবীৰ চন্দ্ৰনাথ


চেউৰী ম'হ এজনী বেচি তাৰ মূল্য চন্দ্ৰনাথক দিলে। এই দোপত ৰ’বলৈ পাই চন্দ্ৰনাথেও আকৌ আগৰ উৎসাহেৰেই মূৰপুতি পঢ়া- শুনা কৰিবলৈ ধৰিলে।

 যদিও সৰুৰে পৰা ৰাজহুৱা কামত যোগ দিয়া চন্দ্ৰনাথৰ অভ্যাস আছিল, তথাপি দ্বিতীয় শ্ৰেণীলৈ উঠাৰ পৰাই তাত বিশেষ ভাৱে মনোযোগ দিছিল। সেই সময়ৰ পৰাই শ্ৰীযুত দণ্ডিনাথ কলিতা সকলো ৰাজহুৱা কামতে তেওঁৰ নেৰা-নেপেৰা সঙ্গী আছিল।

 দ্বিতীয় শ্ৰেণীত পঢ়োতেই তেওঁলোক দুজন আৰু শ্ৰীযুত হেমচন্দ্ৰ বৰুৱাই (এতিয়া এম, বি,-কেপ্তেইন) আলচ কৰি এখন পষেকীয়া কাকত উলিয়াবলৈ স্থিৰ কৰে। এই কাকতৰ নাম দিয়া হৈছিল ‘চেতনা'। দণ্ডিনাথে কবিতা আৰু আন প্ৰবন্ধ লিখাৰ উপৰিও এখন উপন্যাস ধাৰাবাহিকৰূপে তাত লিখিবলৈ গাত লয়। বৰুৱাই প্ৰতি সংখ্যাতে একোটি ঐতিহাসিক প্ৰবন্ধ লিখিবলৈ প্ৰতিশ্ৰুত হয় আৰু তেনেকৈ প্ৰবন্ধ পালে চন্দ্ৰনাথ তাৰ সম্পাদক হবলৈ সম্মত হয়। লগে লগে এইটোও স্থিৰ হয় যে আন কাৰো পৰা প্ৰবন্ধ নাপালেও এই তিনিজনৰ প্ৰবন্ধেৰেই কাকত ওলাব লাগিব।

 এই সিদ্ধান্ত হৈ যোৱাৰ পিছত শ্ৰীযুত বসন্ত কুমাৰ বৰুৱাক (এতিয়া বি, এ, ) চিত্ৰকৰ, শ্ৰীযুত অন্নদা কুমাৰ পদ্মপতি (এতিয়া এম, এ, বি, এল) আৰু শ্ৰীযুত কালীচৰণ ভট্টাচাৰ্য্যক (এতিয়া বি, এল,) লিপিকাৰ নিযুক্ত কৰা হয়।

 যথাসময়ত ‘চেতনা’ৰ প্ৰথম আৰু দ্বিতীয় সংখ্যা প্ৰকাশ হ’ল। সুখৰ বিষয় চেতনাই পাঠকসকলৰ মনোৰঞ্জন কৰিব পাৰি- ছিল আৰু সকলোৱেই তাৰ দীৰ্ঘ জীৱন কামনা কৰিছিল। এই কেই সংখ্যা 'চেতনা’ত ওলোৱা কেইবাটাও প্ৰবন্ধ পিছত 'উষা'তো প্ৰকাশিত হৈছিল।

 যদিও ‘চেতনা' ওলাই ছাত্ৰ সমাজত এটা নতুন উৎসাহৰ সৃষ্টি কৰিলে, তথাপি ইয়াৰ প্ৰচাৰ গোপন ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰা হৈছিল। তাৰ কাৰণ সেই সময়ত হেড্‌ মাষ্টৰ শ্ৰদ্ধাস্পদ