পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

গ্ৰন্থকাৰৰ নিবেদন

 বহুত দিনৰ কথা। তেতিয়া এই লিখক আৰু চন্দ্ৰনাথ স্কুলৰ ছাত্ৰ। তেতিয়াই এদিন ধেমালিতে এই লিখক চন্দ্ৰনাথৰ জীৱনী লিখিবলৈ প্ৰতিশ্ৰুত হৈছিল, কিন্তু সেই ধেমালিয়ে কাৰ্যত পৰিণত হ'ব, শোকাশ্ৰু পূৰ্ণ লেখনীৰে যে এই লিখকে তেওঁৰ প্ৰিয় বন্ধুৰ জীৱন-কাহিনী বৰ্ণাব লাগিব, তেনে ভাব তেওঁৰ মনলৈ এদিনো অহা নাছিল। বিধাতাৰ কি ইচ্ছা ক’ব নোৱাৰোঁ, আজি সেই হাঁহি-ধেমালি শোচনীয় সত্যত পৰিণত হ'ল। চন্দ্ৰনাথে তেওঁৰ বন্ধুৰ লগত সকলো পাৰ্থিব সম্বন্ধ চিঙি পৰম পিতাৰ আলোকময় ৰাজ্যত বিচৰণ কৰিছে, আৰু এই লিখকে সংসাৰ সমুদ্ৰৰ ঘূৰ্ণী পাকত পাক-ঘূৰণি খাই তেওঁৰ সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ আদৰ্শ কল্পনা-ৰাজ্যত বাট হেৰুৱাই খপজপাই ঘূৰিব লাগিছে। বন্ধু, গ'লা, যোৱাঁ, বেজাৰ নকৰোঁ, কৰি লাভ নাই। তোমাৰ উদ্দেশ্য সিদ্ধি হৈছে তোমাৰ কাৰ্যৰ—তোমাৰ কৰ্মময় জীৱনৰ আদৰ্শই তোমাৰ, ইপ্সিত লক্ষ্য লাভ কৰিবলৈ ভাবী বংশধৰসকলক বাট দেখুৱাই দিব।

 চন্দ্ৰনাথৰ লোকান্তৰৰ পিছত পূৰ্বৰ প্ৰতিশ্ৰতিৰ কথা এই লিখকৰ মনত পৰিল, লগে লগে নানা ঠাইৰ পৰা সেই একে উদ্দেশ্যই অনুৰোধ- পত্ৰও অহিল; কিন্তু লিখকৰ অৱসৰ নথকাত ততালিকে কাম হাতত ল'ব নোৱাৰিলে! তেওঁ এই কাম আজৰি পোৱা সময়ত আহিলা-পাতি গোটাই লাহে ধীৰে কাৰি থাকিব বুলি ভাবিছিল, কিন্তু বহুতৰ আগ্ৰহ দেখি, ঘাইকৈ ছাত্ৰ-সন্মিলনৰ সম্পাদকৰ অনুৰোধ এৰাব নোৱাৰি তাক তেওঁ যোৱা ১৯২৩ চনৰ জুলাই মাহত লৰা- লৰিকৈ লিখি শেষ কৰিব লগাত পৰে। লিখাৰ পিছতেই পুথিখন উক্ত সন্মিলনৰ সম্পাদকলৈ পাঠিওৱা হৈছিল, কিন্তু তেওঁ যদিও তাক তিন মাহ বন্দীকৈ ৰাখিলে, তথাপি তেওঁৰ পৰা প্ৰেছ সম্বন্ধীয় দুই-এটা অবান্তৰ কথাৰ বাহিৰে কোনো প্ৰকাৰৰ সিদ্ধান্ত বা সঙ্কেত পোৱা নগ’ল। অগত্যা লিখকে তাক যোৱা নগাঁও ছাত্ৰ-সন্মিলনৰ সময়ত সম্পাদকৰ হাতৰ পৰা লৈ আহিবলৈ বাধ্য হ’ল। তেতিয়াৰে পৰা ইমান দিন তাক প্ৰকাশ নকৰাকৈ থৈ দিয়াৰ কাৰণ হৈছে লিখকে ইয়াৰ ভিতৰত আৰু কিবা নতুন কথা যোগ দিবলৈ পাব বুলি