পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
কৰ্মবীৰ চন্দ্ৰনাথ

আসাম এচোচিয়েশ্যন আৰু সাহিত্য সম্মিলন তেজপুৰত হোৱাৰ কথা আছিল; তাৰ আয়োজনৰ নিমিত্তেও চন্দ্ৰনাথৰ তেজপুৰলৈ অহাৰ প্ৰয়োজন হৈ পৰিল। বিশেষকৈ গুৱাহাটীত ফুকন, বৰদলৈ প্ৰভৃতি কৰ্মী থকাত তেওঁ আঁতৰি আহিলেও বিশেষ ক্ষতি হোৱাৰ সম্ভাৱনা নাছিল, কিন্তু তেজপুৰত তেওঁ নহ'লেই নচলাত পৰিছিল। অকল সেয়েই নহয়, ব্যক্তিগতভাৱেও কাউন্সিললৈ যোৱাৰ সুবিধা কৰিবৰ নিমিত্তে তেওঁ তেজপুৰত থকাৰ আৱশ্যক হৈ পৰিছিল। সকলো কথা দকৈ ভাবি চাই ১৯২০ চনৰ আগষ্ট মাহত চন্দ্ৰনাথে গুৱাহাটী এৰি তেজপুৰলৈ থিতি লৰালে।

 গুৱাহাটীত থাকোঁতে চন্দ্ৰনাথে ওপৰত কৈ অহাবিলাকৰ বাহিৰেও প্ৰায় সকলো স্থানীয় অনুষ্ঠানৰ গুৰি ধৰিব লগাত পৰিছিল। অ, ভা, উ, সা, ব্ৰাহ্মণ সভা, আৰু কামৰূপ অনুসন্ধান সমিতিৰৰ কিছুকাল তেওঁ সম্পাদক আছিল। তেজপুৰলৈ উঠি অহাৰ আগতে তেওঁ কামৰূপ অনুসন্ধান সমিতিৰ বাৰ বছৰীয়া কাৰ্য-বিবৰণীৰ সম্পাদন আৰু প্ৰকাশ কৰিছিল।

 চন্দ্ৰনাথ তেজপুৰলৈ অহামাত্ৰেই তেওঁৰ ইমান মোক্কেল হবলৈ ধৰিলে যে অলপ দিনৰ ভিতৰতে তেওঁ বহুতো পুৰণি উকিলকো চেৰ পেলাইছিল। কিন্তু ৰাজনৈতিক কামত নানা ঠাইত ঘূৰিব লগা হোৱাত তেওঁ অকল ব্যৱসায়টোকে সাবটি ধৰি থাকিব নোৱাৰিছিল।

 কাউন্সিললৈ যোৱাৰ বিষয়েও তেওঁৰেই পূৰা সম্ভাৱনা আছিল। তেওঁৰ প্ৰতিদ্বন্দ্বীসকলেও সেইটো জানিছিল। কোনো এজনে তেওঁক এৰি দিব লাগে বুলি চন্দ্ৰনাথলৈ অনুৰোধ-পত্ৰও লিখিছিল আৰু তেওঁৰ পৰা আশানুৰূপ সমিধান নাপাই তেওঁৰ বন্ধুসকলৰ সাহায্যেৰে চন্দ্ৰনাথৰ মত পৰিবৰ্তনৰ চেষ্টাত ঘূৰিছিল। চন্দ্ৰনাথ কাউন্সিললৈ যোৱাৰ কেনে সম্ভাৱনা আছিল, তাক এই ঘটনাৰ পৰাই বুজিব পাৰি। কিন্তু কাৰ্যতঃ যি হ’ল, তাত কাৰো অনুৰোধ-উপৰোধৰ আৱশ্যকতা নাথাকিল।