নাম আছিল তেওঁ সেই পুথি ৰচনা কৰিছিল বুলি কোনেও বিশ্বাস নকৰিছিল। সেই ‘গ্ৰন্থকাৰ’জনে অনুগ্ৰহ কৰি কিতাপৰ বকলাত নামটো দি গ্ৰন্থকাৰৰ দায়িত্ব লৈছিল বুলি বিশ্বাস কৰিবলৈ চন্দ্ৰনাথে কাৰণ পাইছিল। এদিন সেই জীৱনীখন লৈ দণ্ডিনাথৰ লগত আলাপ কৰি আনন্দ উপভোগ কৰাৰ লগে লগে ক’লে, “বেছ এটা উপায় ওলাইছে, আমিও এতিয়াই আমাৰ জীৱনীৰ দিহা কৰি থোৱা উচিত। [ তই যদি আগতে মৰ, তেন্তে মৰাৰ আগতে তোৰ মনোমতকৈ জীৱনী এখন লিখি নাইবা কি কি লিখিব লাগিব তাৰ আভাস দি মোক পাঁচশমান টকা দি যাবি আৰু মই যদি আগেয়ে মৰোঁ, মই তোক তেনেকৈয়ে দি যাম। নহ'লে, যি ভাষাত নাটক-উপন্যাস লিখিও ছপা খৰছ পোৱা নাযায়, সেই ভাষাত জীৱন-চৰিত ছপাই ধন ভাঙিবলৈ কোন ওলাব? আগেয়ে ধন দি গ'লে গ্ৰাহক নাপালেও, অন্ততঃ মৃতকৰ বংশ-পৰিয়ালকে বিলাই দিব পৰা যাব। তদুপৰি গুণ থাককেই বা নাথাককেই এনেকৈ জীৱনী প্ৰচাৰ কৰিলে তাত আৱশ্যকমতে বহুতে কথা জোৰা দিবলৈ ছল লাগিব।”।]
দণ্ডিনাথ— হওঁতে হয়, কিন্তু আমাৰ ভিতৰত কোন আগেয়ে মৰিম তাৰতো ঠিক নাই। অন্ততঃ দুয়ো যে আগেয়ে মৰিব নোৱাৰোঁ সেইটো হলে ঠিক বুলি মোৰ অনুমান হয়।
চন্দ্ৰ— বাৰু সেইটোকে স্থিৰ কৰা হওক। মই উনচল্লিছ বছৰত মৰিম, তই কেতিয়া মৰিবি?
দণ্ডিনাথ— মই কেই বছৰত মৰিম, এতিয়াও গণনা কৰা নাই, কিন্তু উনপঞ্চাছৰ আগেয়ে হ'লে মৰিবৰ মতলব সমূলি নাই। তইনো উনচল্লিছতে মৰিবলৈ ওলালি কিয়?
চন্দ্ৰ— কাৰণ আসামৰ অদ্বিতীয় পণ্ডিত আনন্দৰাম বৰুৱা সেই বয়সতে মৰিছিল। সেই কাৰণে উনচল্লিছ বছৰত মৰিলে আন গুণ থাকক বা নাথাকক, বয়সত অন্ততঃ তেওঁৰ সমকক্ষ হ’ম। নিতান্তই যদি তেওঁৰ বয়সত মৰিব নোৱাৰি। তেনেহ'লে ৺লম্বোদৰ বৰাৰ