পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
কর্মবীৰ চন্দ্রনাথ

আন এফাললৈ আঙুলিয়াই এইফালেই গ'ল বুলি ক'লে। সেই মতেই গুণ্ডাকেইটা গুচি গ'ল আৰু গাভৰুৱেও ৰক্ষা পালে। এতিয়া মোৰ মতে সন্ন্যাসীৰ মিছা কথা সঁচাতকৈও বহুতো ওপৰত। এনে বিধৰ প্ৰবঞ্চনা বা মিছা কথাত দোষ যি নায়েই বৰং সঁচা কোৱাতকৈও বেছি পুণ্য হয় বুলিহে মই ভাঁবো। ব্যক্তিগত স্বাৰ্থ নাথাকিলে কোনো দোষে ছুব নোৱাৰে।”

 অসহযোগ আন্দোলনত যোগ দিয়াৰে পৰা চন্দ্ৰনাথে মহাত্মাৰ আদেশৰ বাহিৰে আন সকলো পৰিত্যাগ কৰিলে। তেওঁ এনেভাৱে মহাত্মাৰ অনুগামী হৈ পৰিছিল যে কোনোৱে বিদ্ৰূপ কৰি আৰু কোনোৱে প্ৰশংসা কৰি তেওঁক অসমীয়া গান্ধী নাম দিছিল।

 যদিও চন্দ্ৰনাথে মহাত্মাৰ শিষ্যত্ব গ্ৰহণ কৰি তেওঁৰ আদেশ আখৰে আখৰে পালন কৰিছিল, তথাপি স্থায়ীভাৱে সেই নীতি পালন কৰিব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন তাক ডাঠি ক’ব নোৱাৰি। কাৰণ কোনো আন্দোলনৰ মৃদুগতি তেওঁ ভাল নাপাইছিল। তেওঁৰ মতে আন্দোলন বুলিলেই ধান খেৰৰ জুইৰ দৰে ধম ধম কৰে জ্বলাই দিয়া উচিত। হয় সি সকলো দহি নিয়ক, নহয় নিজে নিজে এখন্তেক জ্বলি নুমাই যাওক। সেই দেখিয়েই মহাত্মাৰ কাৰ্য প্ৰণালীৰ পৰিবৰ্তন তেওঁ ভাল নাপাইছিল। যেতিয়া মহাত্মাই অস্পৃশ্যতা নিবাৰণকে তেওঁৰ কাৰ্য তালিকাৰ প্ৰথম শাৰীলৈ তুলিছিল, তেতিয়া চন্দ্ৰনাথ বৰ সন্তুষ্ট হোৱা নাছিল। তথাপি মহাত্মাৰ আইন অমান্যৰ ফলাফললৈ হেঁপাহৰ চকুৰে চাই আছিল। এনেতে চৌৰিছৌৰাৰ হত্যাকাণ্ড সংঘটিত হ’ল। মহাত্মাই তেওঁৰ প্ৰস্তাৱিত কাৰ্য স্থগিত কৰিবলৈ বাধ্য হ’ল। বৰদুলীৰ প্ৰস্তাৱ মতে স্থিৰ হ’ল যে যেতিয়ালৈকে সকলো মানুহক আধ্যাত্মিক আদৰ্শত গঢ়ি তুলিব নোৱাৰি তেতিয়ালৈকে সঙ্ঘবদ্ধভাৱে আইন অমান্য কৰিবলৈ যোৱা বৃথা, সেই কাৰণে তেনে আয়োজন স্থগিত ৰাখি সকলো গঠনমূলক কাৰ্যত লাগি যোৱা উচিত। বৰদুলীৰ সিদ্ধান্তত চন্দ্ৰনাথৰ ধৈৰ্য হেৰাইছিল, আনকি তেওঁ মহাত্মাৰ ওপৰতো কিছু পৰিমাণে