পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
কর্মবীৰ চন্দ্রনাথ

পাছত অৱস্থা বুজি তেনেকুৱা কোনো কোনো ছাত্ৰক বিশেষ বৃত্তি দিবৰ নিমিত্তে গবৰ্ণমেণ্টলৈকো লিখালিখি কৰিছিল আৰু কেতিয়াবা কেতিয়াবা তেনে আবেদনৰ ফলো ধৰিছিল।

 তেজপুৰ হাইস্কুলৰ পৰা কেনে ল’ৰা মেট্ৰিকুলেশ্যন দিবলৈ যায় আৰু তেওঁলোকৰ অৱস্থা কেনে তাৰ সংবাদ চন্দ্ৰনাথে পৰীক্ষাৰ আগৰে পৰা ৰাখিছিল, আৰু উপযুক্ত ল’ৰাৰ যাতে শিক্ষা বন্ধ নহয় তাৰ নিমিত্তে যথাসাধ্য চেষ্টা কৰিছিল।

 উত্তৰ গুৱাহাটীত ইংৰাজী স্কুল স্থাপন কৰোঁতে যিসকলে আউনিআটীয়া গোস্বামীৰ পিছত লাগিছিল তাৰ ভিতৰত চন্দ্ৰনাথো আছিল। কটন কলেজত ঠাই নাপাই বহুতো অসমীয়া ছাত্ৰ বিদেশলৈ যাব লগা হোৱাত চন্দ্ৰনাথে এখন দ্বিতীয় শ্ৰেণীৰ কলেজ স্থাপনৰ নিমিত্তে বৰকৈ যত্ন কৰিছিল। এই উদ্দেশ্যে আৰ্থিক সাহায্য বিচাৰি আউনিআটীয়া গোসাঁইৰ গাত বৰকৈ লাগিছিল আৰু বহুত দিনলৈকে তেখেতক পীড়াপীড়ি কৰি ফুৰিছিল, কিন্তু তেওঁৰ সেই চেষ্টাৰ কোনো ফল নহ'ল।

 চন্দ্ৰনাথে নিজে সংস্কৃত নাজানিছিল, কিন্তু সংস্কৃত শিক্ষাৰ আৱশ্যকতা পিছত বৰকৈ অনুভৱ কৰিছিল আৰু নিজে ভালকৈ সংস্কৃত নিশিকাৰ বাবে অনুতাপো কৰিছিল। টোলবিলাকত যি প্ৰণালীত শিক্ষা দিয়া হয়, সি যে বৰ্তমান যুগৰ উপযোগী নহয়, তাক তেওঁ ভালকৈ হৃদয়ঙ্গম কৰিছিল। সেই কাৰণে তাৰ সংস্কাৰ কৰি বৈজ্ঞানিক উপায়েৰে সময়োপযোগীকৈ শিক্ষা দিয়াবলৈ তেওঁ যথেষ্ট চেষ্টা কৰিছিল। এই উদ্দেশ্যেই তেওঁ মুছলমানী শিক্ষাৰ (Mahomedan Education) ইন্সপেক্টৰৰ দৰে সংস্কৃত শিক্ষাৰ নিমিত্তেও ‘প্ৰভিন্সিয়েল চাৰ্ভিছ’ত এজন ইন্সপেক্টৰ হব লাগে বুলি ১৯১৬ চনৰ আসাম এচোচিয়েশ্যনত প্ৰস্তাৱ কৰিছিল, কিন্তু সেইমতে আজিলৈকে কাম নহ'ল।

 প্ৰায় প্ৰতি বছৰেই দৰঙৰ দুখীয়া অথচ ভাল ল’ৰাই ধনৰ অভাৱত পঢ়া বন্ধ কৰিব লগাত পৰিছিল, তাকে দেখি চন্দ্ৰনাথে