ধৰ্ম আৰু সমাজ বিষয়ত চন্দ্ৰনাথ
জীৱনৰ আগ ভাগত ধৰ্ম আৰু সমাজৰ বিষয়ে চন্দ্ৰনাথে বিশেষ চিন্তা কৰা নাছিল; সেইবিষয়ে আন্দোলন বা আলোচনা কৰাৰ আৱশ্যকো তেওঁ বিশেষ অনুভৱ কৰা নাছিল। তেওঁৰ এটা ধাৰণা আছিল যে চলিত প্ৰথা যেনেকুৱাই হওক, তাৰ পৰিবৰ্তনৰ চেষ্টা কৰাৰ পৰা মানুহৰ মাজত অনৈক্য ঘটি সমাজ বিশৃঙ্খল হোৱাৰ সম্ভাবনা , সেই কাৰণে কোনো সংস্কাৰৰ আৱশ্যক দেখিলে তাক ভিতৰুৱাভাৱে নিজে পালন কৰি চলিলেই হ’ল, সামাজিকভাৱে তেনে কৰা উচিত নহয়। মুঠতে সামাজিক বিষয়ত তেওঁৰ মত আগ- ছোৱাত ৰাজনৈতিক মতৰ ওলোটা আছিল। ৰাজনীতি ক্ষেত্ৰত যেনেকৈ নিৰ্ভীকতাৰ উদাহৰণ দেখুৱাইছিল, সামাজিক কাৰ্যত তেনেকৈ দুৰ্বলতাও প্ৰকাশ কৰিছিল। জীৱনৰ শেহছোৱাত অৱশ্যে এই ভুল সংশোধন কৰি লৈছিল।
চন্দ্ৰনাথ কটন কলেজত পঢ়া সময়তে ডাক্তৰ ৱিটাৰ নামেৰে এজন পাদুৰী চাহাবে কলেজৰ হোষ্টলত থকা ছাত্ৰসকলক এটা 'গাৰ্ডেন পাৰ্টি’ দিছিল। হোষ্টলৰ সৰহ ভাগ ছাত্ৰয়েই তালৈ গৈছিল আৰু মুছলমান খানচামাই প্ৰস্তুত কৰা চাহ-পানী বিলাতী পিঠাৰে সৈতে খাইছিল। সেই কাৰণেই তাৰ পিছত সৰস্বতী পূজাৰ সময়ত ছাত্ৰৰ ভিতৰতে দুদল হৈ বাক-বিতণ্ডা লগাইছিল। চন্দ্ৰনাথ ‘গাৰ্ডেন পাৰ্টি'ত খোৱা দলৰ বিৰুদ্ধে উঠিছিল, কিন্তু হোষ্টেলৰ বাহিৰত থকা ছাত্ৰৰো জনদিয়েকে মাথোন তেওঁক সমৰ্থন কৰিছিল। তৰ্ক-বিতৰ্কত এইটোও ওলাল যে 'গাৰ্ডেন পাৰ্টিত’ খোৱাসকলে অকল সেইদিনাই মুছলমানৰ হাতে খোৱা নাই, আগেয়েও খাইছিল। তদুপৰি অকল তেওঁলোকেই নহয়, বিৰুদ্ধবাদী দলেও জমাতুল্লাৰ ‘বন’, ‘কেক’, পাওৰুটি আদি