স্বৰ্গীয় কেশৱ নাথ ফুকন ডাঙৰীয়া ছাত্ৰৰ এনে কাৰ্যৰ ঘোৰ
বিৰোধী আছিল। তেওঁ গম পালে যে কাকত উলিয়াবলৈ নিদিয়ে,
সেইটো চলাওঁতাসকলে বঢ়িয়াকৈ জানিছিল আৰু সেই বাবেই
তেওঁক হে নালাগে, আন কোনো শিক্ষককো তাৰ অস্তিত্বৰ গম
পাবলৈ সুযোগ দিয়া নাছিল।
তৃতীয় সংখ্যা কাকত লিখা হৈছে, ওলাবলৈ মাথোন দুদিন নে এদিন বাকী, এনেতে এই কথা শ্ৰদ্ধাস্পদ শিক্ষক শ্ৰীযুক্ত ৰামেশ্বৰ বৰুৱা বি, এ, ডাঙৰীয়াৰ কাণত পৰিল। তেখেত তেতিয়া বদলি হৈ গুৱাহাটীলৈ যাবলৈ সাজু হৈছিল। তেখেতে অপ্ৰকাশিত তৃতীয় সংখ্যা ‘চেতনা’ দেখি সন্তোষ পাইছিল, আৰু ছাত্ৰসকলৰ উদ্যমৰ প্ৰশংসা কৰিছিল। কিন্তু এনে এটা কাম যে হেড্ মাষ্টৰ ডাঙৰীয়াৰ অজ্ঞাততে চলি থাকিব তাক তেওঁ বিশ্বাস নকৰিছিল। তেওঁ কৈছিল, “কামটো মোৰ মতে প্ৰশংসনীয় হৈছে, কিন্তু হেড্ মাষ্টৰ ডাঙৰীয়াই গম নেপোৱাকৈ নাথাকে আৰু গম পালেই যে তোমালোকে শাস্তি ভুঞ্জিব লাগিব ইও ধুৰুপ। তাতে ময়ো গুৱাহাটীলৈ যাবলৈ ওলালোঁ, তোমালোক সাৱধান হবা।”
বৰুৱা ডাঙৰীয়াৰ কথা সত্যত পৰিণত হ'ল। তেখেত গুৱাহাটীলৈ যোৱাৰ পিছ দিনাই দ্বিতীয় সংখ্যা কাকত হেড্ মাষ্টৰৰ হাতত পৰিল। লগে লগে প্ৰথম সংখ্যাও দিব লগা হ'ল। দুয়ো সংখ্যা কাকত লৈ হেড্ মাষ্টৰে তুমুল কোলাহল উপস্থিত কৰিলে। কেইবা দিনলৈকে বিচাৰ চলিবলৈ ধৰিলে, বিচাৰৰ ফলত সম্পাদকৰ পৰা লিপিকাৰলৈকে সকলোৱে অৰ্থদণ্ড ভৰিলে।
ইয়াৰ পিছতো চন্দ্ৰনাথ আৰু দণ্ডিনাথে এজন শিক্ষকৰ তত্ত্বাবধানত কাকতখন উলিয়াবলৈ অনুমতি প্ৰাৰ্থনা কৰিছিল, আৰু আন ভদ্ৰলোকৰ হতুৱায়ো প্ৰস্তাব কৰাইছিল। কিন্তু হেড্ মাষ্টৰে অনুমতিৰ সলনি তেওঁলোকক ডাবি দিলে মাথোন। মুঠতে ‘চেতনা’ সিমানতেই অচেতন হ’ল, কিন্তু ভবিষ্যতলৈ তাক ছপা কাকতৰ আকাৰেৰে সচেতন কৰাৰ আশা এজনেও এৰিব পৰা নাছিল।