পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

একাদশ অধ্যায়

উকীল চন্দ্ৰনাথ— দ্বিতীয় বছৰ
 

[ শাসন সংস্কাৰ-চতুৰ্থ আসাম ছাত্ৰ-সম্মিলন আৰু বৰপেটা কন্‌ফাৰেন্স ]

 গোৱালপাৰা কন্‌ফাৰেন্সত নিযুক্তি হোৱা শ্ৰীযুত তৰুণৰাম ফুকন আৰু শ্ৰীযুক্ত কামাখ্যাৰাম বৰুৱাই অলপ দিনৰ পাছতে তেওঁলোকৰ আসাম এচোচিয়েশ্যনৰ বাব এৰি দিয়ে, আৰু তেওঁলোকৰ ঠাই ক্ৰমান্বয়ে শ্ৰীযুক্ত নবীনচন্দ্ৰ বৰদলৈ আৰু শ্ৰীযুক্ত কালীপ্ৰসাদ বৰুৱা নিযুক্ত হয়।

 তেতিয়া মন্টেগু চেমচফোৰ্ড শাসন সংস্কাৰ লৈ গোটেই ভাৰতবৰ্ষত হুলস্থূল লাগিছিল। আসামৰ তদানীন্তন ভাগ্যবিধাতা চীফ্‌ কমিশ্যনৰ বিট্‌চন্‌ বেলে আসামক শাসন সংস্কাৰৰ সম্পূৰ্ণ অযোেগ্য বুলি বিবেচনা কৰিছিল আৰু তেওঁৰ মন্তব্যৰ ফলতেই আসামে শাসন সংস্কাৰৰ ভাগ হেৰুৱাইছিল। তাৰ প্ৰতিকাৰৰ নিমিত্তে আসাম এচোচিয়েশ্যনে বিস্তৰ আবেদন নিবেদন কৰিব লগাত পৰিছিল। কিন্তু এনেবোৰ কামত নিলগৰ ফৰ্মুটিয়ে সাধাৰণতঃ কাম নিদিয়ে, সেই কাৰণেই বিলাতলৈ প্ৰতিনিধি পঠিয়াই পাৰ্লিয়ামেণ্টৰ আগত সাক্ষ্য দিওৱাৰ বিশেষ প্ৰয়োজন হৈ পৰে। এই বিষয়ে আলচ কৰিবলৈ আসাম এচোচিয়েশ্যন’ৰ কাৰ্য-নিৰ্বাহক সভাৰ এক অধিবেশন পতা হয়, কিন্তু এচোচিয়েশ্যনৰ পুঁ‌জি নথকাৰ কাৰণে প্ৰতিনিধি নপঠিয়াই আবেদন পঠিওৱাকে সভাই স্থিৰ কৰে। চন্দ্ৰনাথ এই সিদ্ধান্তত সন্তুষ্ট হ’ব নোৱাৰিলে, তেওঁ আকৌ সভ্যসকলক ধৰি মেলি আন এটা অধিবেশনত প্ৰতিনিধি পঠিওৱা প্ৰস্তাৱটো মঞ্জুৰ কৰাই ললে। শ্ৰীযুক্ত নবীনচন্দ্ৰ বৰদলৈ এচোচিয়েশ্যনৰ খৰছত আৰু শ্ৰীযুক্ত প্ৰসন্ন কুমাৰ বৰুৱা নিজৰ খৰছত বিলাতলৈ যোৱাৰ স্থিৰ হ’ল। বৰদলৈ ডাঙৰীয়াৰ খৰছৰ নিমিত্তে অৰ্থসংগ্ৰহৰ ভাৰ চন্দ্ৰনাথে নিজে ল'লে। মুঠতে আসামে যে শাসন সংস্কাৰৰ ভাগ পালে ই ঘাইকৈ চন্দ্ৰনাথৰ অক্লান্ত পৰিশ্ৰমৰ ফল।