পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
কর্মবীৰ চন্দ্রনাথ


এবাৰ কলেজৰ পৰা দীঘলীয়াকৈ ছুটী লৈ বায়ু পৰিবৰ্তন কৰিবলৈ গৈ কিছুদিন ধুবুৰীত থাকিবলগাও হৈছিল।

 চন্দ্ৰনাথে বি, এ, পঢ়ি থাকোঁতেই ককাইদেৱকে মাকৰ ইচ্ছামতে তেওঁক শান্তি কৰাই, ঘৈণীয়েকক তেজপুৰৰ ঘৰত থৈ আহিবলৈ উপদেশ দিয়ে। চন্দ্ৰনাথে নিজেও সেই কথাকে ভাবি আছিল। তাৰ কাৰণ তেওঁ তেনে অৱস্থাত শহুৰেকৰ ঘৰত থাকি বহুত সময়ত আহুকাল পাইছিল, ঘাইকৈ দহজনৰ দহ কথা শুনি সহিব নোৱাৰাত পৰিছিল। 'উষা' আৰু 'বাঁ‌হী’ৰ বিবাদৰ সময়ত বেজবৰুৱা ডাঙৰীয়াই কিছুমান ব্যঙ্গ চিত্ৰ বাঁ‌হীত প্ৰকাশ কৰিছিল, তাৰে এখনৰ নাম আছিল— ‘বৰবৰুৱা আৰু ঢোকাৰাম শৰ্মা।’ বাঁ‌হী পাঠকসকলে এই ঢোকাৰাম শৰ্মাক চন্দ্ৰনাথ বুলিয়েই ধৰি লৈছিল আৰু তেওঁৰ সাহিত্য প্ৰতিদ্বন্দীসকলে সেই চিত্ৰ দেখুৱাই চন্দ্ৰনাথক বিদ্ৰূপ কৰি- বলৈ ছল পাইছিল। এইবোৰ কাৰণত তেওঁ বৰকৈ বেজাৰ পাইছিল, কিন্তু প্ৰতিকাৰৰ উপায় নথকাত মনৰ দুখ মনতে মাৰ নিয়াইছিল। শেহত বি, এ, পঢ়া কালত তেওঁ স্থিৰ কৰিলে যে হয় তেওঁ শান্তি কৰাই গৃহিণীক ঘৰলৈ পঠিয়াই দিব, নহয় তেওঁ‌ নিজেই আঁতৰি গৈ কলিকতাত পঢ়িব। এতিয়া ঘৰৰ পৰা চিঠি পাই সেই মতেই কাম কৰিবলৈ তেওঁ‌ স্থিৰ-প্ৰতিজ্ঞ হ’ল। চন্দ্ৰনাথে নিজে একো নকৈ শ্ৰীযুত ৰঘুনাথ চৌধাৰীৰ হতুৱাই শহুৰেকৰ ওচৰত প্ৰস্তাৱটো তোলালে। এই প্ৰস্তাৱত শহুৰেক বৰকৈ অসন্তুষ্ট হ’ল। তেওঁৰ নগৰত ডাঙৰ-দীঘল হোৱা সুখত উঠা ছোৱালীক বোকা- পানীৰ মাজত আওহতীয়া ঠাইত থবলৈ তেওঁৰ সমূলি ইচ্ছা নাছিল। সেই কাৰণে তেওঁ শ্ৰীযুক্ত চৌধাৰী আৰু চন্দ্ৰনাথ দুয়োকে টান কথা শুনাই, খং আৰু ঘৃণাৰে সৈতে তেওঁলোকৰ প্ৰস্তাব দলিয়াই পেলালে। প্ৰস্তাব অগ্ৰাহ্য হোৱা দেখি চন্দ্ৰনাথ কলিকতালৈ যাবলৈ ওলাল, মাল-বস্তুৰ ভিতৰত নিতান্ত লাগতিয়ালখিনি বান্ধি ল'লে আৰু বাকীখিনি কেইজনমান মানুহক ভাগ কৰি দিলে। ঘটনাৰ সোঁত কেনিবা বোৱা যেন দেখি, শ্ৰীযুক্ত চৌধাৰীয়ে নিজৰ মান-অপমানলৈকো