তাৰ শেহৰ দুফাঁকি আছিল:
নিপিন্ধো যশৰ মালা নালাগে সুনাম
যেনে আছো সন্তুষ্ট থাকিম;
ৰোগ-শোক, দুখ-তাপ, অশান্তি-বেজাৰ,
ভুলি পঞ্চভূতত মিলিম।
চন্দ্ৰনাথে কবিতাটো পঢ়ি ক'লে, “যি মানুহক নাম বা যশস্যা নালাগে, তাৰ পৰা দেশৰ কাম মুঠেই নহয়। কাৰণ এক প্ৰকাৰৰ নহয়, এক প্ৰকাৰৰ স্বাৰ্থ সকলোৰে থাকিব লাগিব। নহ'লে কাম কৰিব কিয়? কোনোৰ স্বাৰ্থ— ধন-বস্তু গোটাই ল’ৰা-তিৰুতা লৈ সংসাৰ-সুখ উপভোগ কৰাত, কোনো স্বাৰ্থ নাম-যশস্যা লাভ কৰাত। শেহৰ বিধ মানুহেই মহৎ কাম— দেশৰ কাম কৰিব পাৰে। প্ৰথম বিধত যেনেকৈ নীচতা আছে, পিছৰ বিধত তেনেকৈ মহত্ব আছে। পিছৰ বিধো যি নিবিচাৰে, সি সন্ন্যাসী, তাৰ পৰা কোনো কাম আশা কৰিব নোৱাৰি। সেই কাৰণে ময়ো নাম আৰু যশস্যা আৰ্জিবৰ নিমিত্তেই কাম কৰিম, ধন-সম্পত্তিৰ নিমিত্তে নহয়।”
চন্দ্ৰনাথৰ যুক্তি মিছা নহব পাৰে, কিন্তু কাৰ্যতঃ তেওঁ তাৰ জোখ ঠিক ৰাখিব পৰা নাছিল। নাম আৰু যশস্যাৰ উপযুক্ত কাৰ্য কৰা যে প্ৰশংসনীয় তাক সকলোৱে স্বীকাৰ কৰিব, কিন্তু সেই বুলি কৰ্তাই তেনে ভাব মনত ৰাখি কাৰ্যক্ষেত্ৰত নামিলে সমালোচনাৰ হাত এৰাব নোৱাৰে। সেই কাৰণেই আগডোখৰত এদল মানুহে চন্দ্ৰনাথক সদায় ‘পেট্ৰিয়ট” বুলি জোকাইছিল। কিন্তু “আপুনি বয়স ভৈলে বুদ্ধি হৈবে ভাল” অৰ্থাৎ জীৱনৰ শেহছোৱাত তেনে বৰাই কৰা স্বভাৱ লাহে লাহে প্ৰায় নাইকিয়া হৈছিল। সেই কাৰণেই সেই কামত তেওঁক বিদ্ৰূপ কৰা মানুহৰ সংখ্যাও কমি আহিছিল আৰু আগেয়ে বিদ্ৰূপাৰ্থত দিয়া পেট্ৰিয়ট উপাধিও প্ৰকৃত অৰ্থত ব্যৱহৃত হৈছিল।
এইখিনিতেই আৰু এটা ঘটনাৰ উল্লেখ কৰিব লগাত পৰিল। চন্দ্ৰনাথ ইংৰাজী স্কুলত থাকোঁতেই কোনোবা এজন ডাঙৰীয়াৰ জীৱন-চৰিত এখন ওলাইছিল। সেই জীৱনীত যি জন গ্ৰন্থকাৰৰ