পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
কৰ্মবীৰ চন্দ্ৰনাথ

অকল ঔষধৰ বেচতেই সাত শৰ ওপৰ টকা গৈছে। কিন্তু মোৰ বেমাৰ আৰু ভাল হোৱাৰ আশা নাই, এতিয়া মাথোন মৃত্যুলৈ অপেক্ষা কৰিছোঁ। যিমান সোনকালে মোৰ মৃত্যু হয়, সিমানেই মঙ্গল; ৰাইজৰ টকা আৰু কিমান অপব্যয় কৰিম? এসময়ত ভাবিছিলো বোলোঁ‌ আৰোগ্য হ'লে সেই টকাৰ সুদেমূলে পৰিশোধ কৰিম, কিন্তু এতিয়া আৰু সেই আশা নাই, মোৰ মৃত্যু নিশ্চিত। তদুপৰি এই কামৰ সময়ত সকলোৱে প্ৰাণে প্ৰাণে দেশৰ হকে খাটিছে, মই এটা অতৃপ্ত আকাঙ্খৰ অগ্নিত দগ্ধ হৈ ৰাইজৰ ৰক্ত শোষণ কৰি পাটীত পৰি ছটকটাই আছোঁ‌। ৰোগৰ যন্ত্ৰণাতকৈও যে এই যন্ত্ৰণা আৰু ভীষণ। আৰোগ্য হোৱাৰ যেতিয়া আশা নাই শীঘ্ৰে মৃত্য হলেই দুয়ো পক্ষৰ লাভ।”

 টকা-কড়িৰ আৱশ্যকতাৰ সম্পৰ্কে প্ৰশ্ন কৰিলত তেওঁ ক'লে – “টকাৰ অভাৱত এতিয়াও পৰা নাই। ইমান দিন ৰাইজৰ টকাকে খালোঁ, এতিয়া বৰুৱাই মাহে এশকৈ দিছে, তাৰেই এক ৰকম চলিছে। আৰু টকাৰ প্ৰয়োজন নাই। পৰাপক্ষত ৰাইজৰ টকাৰ আৰু অপব্যয় নকৰোঁ। যিখিনি খৰছ কৰিলো, তাৰ কথা ভাবিয়েই শান্তি পোৱা নাই। উঃ! সিমানখিনি টকাৰে ৰাইজৰ কিমান কাম হ'লহেঁতেন।”

 গুৱাহাটীত কিছু দিন বিশ্ৰাম লোৱাৰ পিছত চন্দ্ৰনাথ শ্বিলঙলৈ গ'ল, কিন্তু তেওঁৰ ভগ্ন স্বাস্থ্য আৰু ঘূৰি নাহিল, আৰু দুমাহ অশেষ শাৰীৰিক আৰু মানসিক যন্ত্ৰণাত অতিবাহিত কৰিলে। ১৮৪৪ শকৰ ৪ শাওণ ( খ্ৰীষ্টাব্দ ১৯২২, ২০ জুলাই) বুধবাৰৰ দিনা বন্ধু-বান্ধব, পত্নী-পৰিজন পৰিবৃত হৈ, প্ৰত্যেক দেশবাসীক কন্দুৱাই পৰিবাৰক অনাথ কৰি, অসমীয়াৰ আশাৰ মূৰত বাগি কুঠাৰ মাৰি চন্দ্ৰনাথে চিৰকাললৈ চকু মুদিলে, কৰ্মবীৰৰ কৰ্মস্ৰোত বন্ধ হ’ল। এৰি গ'ল এটা তপ্ত নিশ্বাস, এটা অসম্পূৰ্ণ জাতীয় যজ্ঞ, এটা বিৰাট ব্যাকুলতা,এটা স্বদেশ প্ৰাণতাৰ অগ্নি-স্ফুলিঙ্গ। চন্দ্ৰনাথৰ এই মহাভাৰ গ্ৰহণ কৰি মাতৃ-পূজা সম্পূৰ্ণ কৰোঁতা কোনো নেলালে এই মৃতকৰ শান্তি ক'ত?