পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
কৰ্মবীৰ চন্দ্ৰনাথ

দিয়া নহল; আৰু সেই কাৰণেই তেওঁ তাক পিছৰ মাহৰ উষাত প্ৰকাশ কৰিলে।

 প্ৰকৃত মানুহ হবলৈ হ'লে গুণীৰ গুণ আৰু মানিৰ মানৰ মূল্য বুজিব পৰা হ'ব লাগে। চন্দ্ৰনাথৰ এই গুণ সৰুৰে পৰা আছিল। যেতিয়া পণ্ডিত ৺ধীৰেশ্বৰ আচাৰ্য কবিৰত্নক গবৰ্ণমেন্টে মহামহোপাধ্যায় উপাধি দিয়ে, তেতিয়া এই উপলক্ষে বহুতো ঠাইত সভা-সমিতি পাতি আনন্দ প্ৰকাশ কৰা হয়, কিন্তু তেজপুৰত তেনে একো আয়োজন হোৱা নাছিল। সেই কাৰণে চন্দ্ৰনাথে সেই স্বনাম- ধন্য পণ্ডিত প্ৰবৰক তেজপুৰলৈ নিমন্ত্ৰণ কৰি আনি অভ্যৰ্থনা কৰিবলৈ আৰু এবাৰ দৰ্শন কৰি পবিত্ৰ হবলৈ সঙ্কল্প কৰে। সেই উদ্দেশ্যে আয়োজন কৰিবলৈ দণ্ডিনাথৰ লগত পৰামৰ্শ কৰি বৰঙণি তুলিব- লৈকো তেওঁ ব্যৱস্থা কৰিছিল, কিন্তু যেতিয়া এই প্ৰস্তাব লৈ শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ যোৱা হ’ল, তেতিয়া তেখেতে ক'লে “এইটো এটা বৰ সজ প্ৰস্তাব, কিন্তু অকল স্কুলীয়া ছাতৰেই এই কাৰ্যৰ ভাৰ ল'লে তেজপুৰীয়া ৰাইজৰ আৰু লগতে মহামহো- পাধ্যায়ৰো মূল্য কমে। সেই কাৰণে তেজপুৰ অ, ভা, উ, সা, সভাৰ জৰিয়তে নিমন্ত্ৰণ কৰিলে ভাল হয়, লাগিলে তেতিয়াও সকলো কাম তোমালোকেই কৰিবা। সম্প্ৰতি তোমালোকে অ, ভা, উ, সা, সভাৰ সম্পাদকক এই উদ্দেশ্যে এখন সভা আহ্বান কৰিবলৈ কোৱাঁগৈ।”

 গুৰিত বৰুৱা ডাঙৰীয়া নাথাকিলে তেওঁলোকে কোনো ৰাজহুৱা কাম হাতত লবলৈ সাহ নকৰিছিল, কিয়নো তেনে কৰিলে হেড্‌ মাষ্টৰৰ কোপ দৃষ্টিত পৰাৰ ভয় আছিল। সেই কাৰণে বৰুৱা ডাঙৰীয়াৰ উপদেশ মতে তেওঁলোকে অ, ভা, উ, সা, সভাৰ সম্পাদকৰ ওচৰত প্ৰস্তাবটো ডাঙি ধৰিলে আৰু জাননী এখন লিখি দিলে তাক সভ্যসকলক দেখুৱাবলৈকো গাত ল'লে। সম্পাদকে মুখেৰে যদিও শলাগিলে, তথাপি জাননী লিখিবলৈ সময় নাই বুলি। সেই দিনা ওলোটাই পঠিয়ালে। ইয়াৰ পাছত প্ৰায় এমাহমান অহা-যোৱা কৰিও যেতিয়া সম্পাদকৰ পৰা জাননী এখন লিখাই