পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
কর্মবীৰ চন্দ্রনাথ


হ’ল আৰু সকলোৱে তাক সমৰ্থন কৰিলে। এইদৰে সকলো ফালৰ পৰা সহানুভূতি পাই ‘একতা সভা’ৰ জৰিয়তে আসাম এচোচিয়েশ্যনৰ মণ্ডপত ১৯১৬ চনৰ ২৫ ডিছেম্বৰৰ দিনা ‘অসমীয়া ছাত্ৰৰ সাহিত্য সম্মিলন’ৰ প্ৰথম প্ৰতিষ্ঠা হয়। এই সম্মিলনৰ সভাপতি আছিল অসমীয়া সাহিত্যাকাশৰ উজ্জ্বলতম নক্ষত্ৰ শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়া আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি হৈছিল চন্দ্ৰনাথ। প্ৰত্যেক স্কুলৰ পৰা প্ৰতিনিধি আৰু প্ৰত্যেক ঠাইৰ পৰা সাহিত্যসেৱীসকল এই সম্মিলনলৈ আহুত হৈছিল।

 এই সম্মিলনৰ আয়োজন কৰিবলৈ চন্দ্ৰনাথে মুঠেই দুসপ্তাহ সময় পাইছিল। তাৰ আগৰে পৰা আসাম এচোচিয়েশ্যনৰ কাম লাগিয়েই আছিল, সিফালে মেট্ৰিকুলেশ্যন কম্প’জিশন আৰু ট্ৰেন্সলেশ্যনৰ নিমিত্তে কলিকতালৈকো যাব লগাত পৰিছিল। ইমানতো তেওঁ এই অলপ দিনৰ ভিতৰতে এই নতুন সম্মিলনৰ কাম এনে সুন্দৰ আৰু পৰিপাটিকৈ সমাধা কৰিছিল যে তাক দেখি আচৰিত হব লগীয়া। চন্দ্ৰনাথৰ বাহিৰে এনে কৰ্ম-কুশল অসমীয়া আৰু কোনোবা আছে বা ওলাব বুলি বিশ্বাস নহয়। অভিভাষণখনিও অতি বিতোপন হৈছিল। এইখিনি দিনত চন্দ্ৰনাথে খোৱা-শোৱাৰ কথাও পাহৰি গৈছিল। আনকি, উশাহ লবলৈকো তেওঁৰ সময় নোহোৱাৰ দৰে হৈছিল। সম্মিলনৰ অন্তত আসাম এচোচিয়েশ্যনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত সত্যনাথ বৰা ডাঙৰীয়াই জনচেৰেক অভ্যাগতৰ আগত কৈছিল, “এইবাৰ সম্মিলনৰ কাৰ্য যে এনে সুচাৰুৰূপে হৈছে, তাৰ বাবে মই ধন্যবাদৰ যোগ্য নহওঁ, সকলোখিনি ধন্যবাদ চন্দ্ৰনাথৰহে প্ৰাপ্য।”

 মুঠতে ছাতৰৰ এই নতুন সন্মিলন নানা উপাদানেৰে পুষ্ট হলেও চন্দ্ৰনাথেই তাৰ চৈতন্য শক্তি আছিল।

 যদিও এই সম্মিলন ‘অসমীয়া ছাত্ৰৰ সাহিত্য সম্মিলন’ নামেৰে পতা হৈছিল, তথাপি সভাত সেই নামৰ বিষয়ে প্ৰতিবাদ ওলাল। সভাত স্থিৰ হ’ল ছাত্ৰৰ কাৰ্য অকল সাহিত্যতে আবদ্ধ নাথাকি