আনিব নোৱাৰিলে, তেতিয়া তেওঁলোকে বাধ্য হৈ সেই প্ৰস্তাব
এৰিব লগাত পৰিল। যদিও কাৰ্যতঃ একোৱেই নহ’ল, তথাপি
এই ঘটনাত চন্দ্ৰনাথৰ মনৰ প্ৰশস্ততা ভালকৈ উপলব্ধি কৰিব পাৰি।
স্কুলীয়া ছাত্ৰ হলেও প্ৰায় স্বদেশী আন্দোলনৰ সময়ৰে পৰা চন্দ্ৰনাথে অলপ অচৰপ ৰাজনীতিৰ ভূ ৰাখিছিল। অসমীয়া পুথিৰ ভিতৰত ‘চিন্তানল’ আৰু 'জীৱনাদৰ্শ', বঙলা কিতাপৰ ভিতৰত ‘দেশেৰ কথা' আৰু ‘তিলকেৰ মোকৰ্দমা', ইংৰাজী কিতাপৰ ভিতৰত ৺ৰমেশ দত্তৰ Ancient Civilization of India (প্ৰাচীন ভাৰতৰ সভ্যতা), দাদা ভাই নৌৰজী, গোখেল আৰু কেশব সেনৰ বক্তৃতাৱলী বৰ মনোযোগেৰে পঢ়িছিল।
যদিও চন্দ্ৰনাথে সেই কালতে ৰাজনীতিৰ আও-ভাও বুজিবলৈ যত্ন কৰিছিল, তথাপি গাঁৱলীয়া বামুণ সমাজৰ পৰা পোৱা কিছুমান কুসংস্কাৰ তেতিয়াও এৰিব নুখুজিছিল আৰু ব্যক্তিগতভাৱে যিবোৰ এৰিছিল, তাকো সামাজিকভাৱে প্ৰকাশ কৰাত আপত্তি কৰিছিল। তেনে আন্দোলনে সমাজত বিশৃঙ্খলা ঘটাই তাৰ অশান্তিৰ সৃষ্টি কৰিব বুলি, বহুত দিনলৈকে তেওঁ সামাজিক আন্দোলনৰ বিৰোধী আছিল। এদিন মাথোন এটা বিশেষ ঘটনাই তেওঁৰ এই মতৰ কিছু পৰিবৰ্তন ঘটাইছিল। ঘটনাটো এই:
এদিন চন্দ্ৰনাথ দণ্ডিনাথৰে সৈতে শ্ৰীযুক্ত মহাদেব শৰ্মাৰ ঘৰলৈ গৈছিল। যি বাটেদি গৈছিল সি এজন মহন্ত সত্ৰাধিকাৰৰ পদূলিৰ আগেদি। সত্ৰ পাৰ হৈ যোৱাৰ পিছত এটা ল'ৰা গৈ ক'লে— “প্ৰভু ঈশ্বৰে আপোনালোকক লগ পাব খুজিছে”। কিয় মাতিছে একো বুজিব নোৱাৰি আৰু ল'ৰাটোৰ পৰাও একো শুংসূত্ৰ নাপাই দুয়ো উলটি খোজ ললে। চন্দ্ৰনাথৰ ভৰিত জোতা আছিল, তেওঁ তাক সত্ৰৰ পদূলি মুখতে সোলোকাই থ’লে আৰু দুয়ো গৈ গোসাঁইৰ চ’ৰাত উপস্থিত হ'ল। মতাৰ কাৰণ তেওঁলোকে তেতিয়াও বুজা নাছিল। গৈ পালতে অধিকাৰে তৰ্জন-গৰ্জন কৰি ক'লে “তহঁতৰ ইমান সাহ, মোৰ পদূলিৰ আগেদি জোতা পিন্ধি,